thumbnail

মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং গাঁৱৰ অন্তৰ্ভুক্তি: শিৱসাগৰত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 9:10 PM IST

শিৱসাগৰ, ১৪ অক্টোবৰ : মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং গাঁও অন্তৰ্ভুক্তিক লৈ তীব্ৰ প্ৰতিবাদ । সোমবাৰে শিৱসাগৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।  

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত তথা অন্যান্য জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰা হয় ।

উল্লেখ্য যে মিচিং স্বায়ত্তশাসিত পৰিষদত ১১ খনকৈ অনা-মিচিং গাঁও অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে সোচ্চাৰ পৰে শিৱসাগৰৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন ।

আনহাতে, মিচিং জনগোষ্ঠীয় লোকৰ জনবসতি তথা সংখ্যা অতি কম হোৱা সত্ত্বেও মিচিং স্বায়ত্ব পৰিষদত উক্ত গাঁওকেইখন অন্তৰ্ভুক্তিৰ সিদ্ধান্তত এতিয়া ক্ষোভিত হৈ পৰিছে সাধাৰণ অনা-মিচিং ৰাইজ । লগতে এই প্ৰতিবাদস্থলীৰ পৰা শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুক জাতি-জনজাতিৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নকৰিবলৈ সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :ৰাজ্যজুৰি জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা
লগতে পঢ়ক :শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.