কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক ৪ দিনে পৰি চিকিৎসালয়ৰ ICUত, মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান - appeals to CM

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:59 PM IST

thumbnail
ফিলবাৰী বৰগাঁৱৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়াভগা কান্দোন (ETV Bharat Assam)

তিনিচুকীয়া, 11 আগষ্ট : তিনিচুকীয়া জিলাৰ ফিলবাৰী বৰগাঁৱৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়াভগা কান্দোন ৷ হাতযোৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এইগৰাকী মাতৃৰ কাতৰ অনুৰোধ ৷ তিনিচুকীয়া জিলাৰ ফিলবাৰী বৰগাঁৱৰ দুলেশ্বৰ শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ 26 বছৰীয়া বকুল শইকীয়া আজিৰ পৰা প্ৰায় 9 মাহ পূৰ্বে কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈছিল ৷ বিগত দিনবোৰত সকলো ঠিকেই আছিল ৷ কিন্তু, প্ৰায় 4-5 দিন পূৰ্বে সতীৰ্থই ঘৰলৈ ফোন যোগে বকুল অসুস্থ হোৱাৰ খবৰ দিয়ে ৷ ততাতৈয়াকৈ সতীৰ্থসকলে বকুলক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ বকুলৰ অৱস্থা সংকটজনক হোৱাত বৰ্তমান সময়ত চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিছে সতীৰ্থসকলে ৷

ইফালে এই ঘটনাৰ পাচতেই বকুলৰ ফিলবাৰী বৰগাঁৱৰ ঘৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ কাৰণ দৰিদ্ৰ পৰিয়ালটো এতিয়া অসহায় হৈ পৰিছে ৷ পৰিয়ালটোৱে স্থানীয় সু-হৃদয়ৱান লোকৰ সহযোগত বিগত দুই-তিনি দিনতে কেবা লক্ষাধিক টকা ইতিমধ্যেই বকুলৰ চিকিৎসাৰ বাবে খৰচ কৰিছে ৷ কিন্তু এতিয়া বকুলৰ দৰিদ্ৰ পৰিয়ালটো এতিয়া নিৰুপায় হৈ পৰিছে ৷ সেয়েহে এতিয়া পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে ৷ "মোৰ পুত্ৰক সহায় কৰক, আমাৰ পৰিয়ালটোক ৰক্ষা কৰক "- এইদৰে হিয়াঢাকুৰি কান্দি বকুলৰ মাতৃয়ে মুখ্যমন্ত্ৰীক সহায়ৰ বাবে অনুৰোধ জনাইছে ৷ 

লগতে পঢ়ক : আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত কিশোৰ: বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায় - Deprived From Treatment

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.