১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ মৃত্যু - Death due to electrocution

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:45 PM IST

thumbnail
১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ মৃত্যু (ETV Bharat Assam)

বৰপেটা ১৯ জুন: বৰপেটাৰ হাউলীৰ সমীপৰ কালঝাৰত শোকাৱহ ঘটনা ৷ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন লোকৰ কৰুণ মৃত্যু ৷ গুৰুতৰভাৱে আহত এজন ৷ কালঝাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি লোকজনৰ মৃত্যু হয় ৷ মৃত লোকজন কালঝাৰ গাঁৱৰ ইমদাদুল হক ৷ এই ঘটনাত মৃত ইমদাদুল হকৰ পুত্ৰ আব্দুল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পথাৰত ম'হ চৰাবলৈ যোৱাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ৷ 

লগতে পঢ়ক: তিনিচুকীয়াত বাহনৰ ভিতৰতে অচিনাক্ত মৃতদেহ উদ্ধাৰ - Dead Body Recovered

স্থানীয় লোকে অভিযোগ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অতি ভয়াৱহভাৱে হাতেৰে ঢুকি পোৱা অৱস্থাত ৪/৫ ফুট উচ্চতাত ওলমি থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত লোকজন মৃত্যুমুখত পৰে ৷ ইপিনে নিয়ম অনুসৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বাৰিষাৰ পূৰ্বে ওলমি থকা তাঁৰসমুহ সঠিকভাৱে মেৰামতি কৰিব লাগে যদিও এইক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ ৷ 

লগতে পঢ়ক: টীয়কত সন্ধানহীন ম'হ গোৱালৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এনেদৰে এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ আনহাতে লোকজনৰ পুত্ৰ আব্দুল আলীক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক: বানত ককবকাই থকা পশুধনক বচাবলৈ গৈ যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.