খানাপাৰাত CNG বাছে মহতিয়াই নিলে ৰৈ থকা অট’: এজন নিহত - road accident in guwahati
🎬 Watch Now: Feature Video
Published : Mar 19, 2024, 7:10 PM IST
গুৱাহাটী, ১৯ মাৰ্চ : মহানগৰীৰ খানাপাৰাত পথ-দুৰ্ঘটনা । ৰৈ থকা অট’ক খুন্দিয়াই মহটিয়াই লৈ গ’ল CNG বাছে । দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS 20 2558 । দুৰ্ঘটনাগ্ৰস্ত অট’খনৰ নম্বৰ AS 01QC 8716 । অভিযোগ অনুসৰি CNG বাছখন চলাইছিল বাছখনৰ পৰিচালকে । যাৰ ফলত পৰিচালকজনৰ অজ্ঞাতাৰ বাবে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত বাছৰ খুন্দাত থিতাতে নিহত এগৰাকী ব্যক্তি ।
নিহত ব্যক্তিগৰাকীৰ নাম হিতেশ কলিতা । হিতেশ কলিতা পেচাত এগৰাকী অট’চালক । অন্যহাতে দুৰ্ঘটনাটোত দুজনকৈ ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত কোনো চিটি বাছ ৰখাবলৈ দিয়া নাই খানাপাৰাত । ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক কেইজনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । একাংশ চালকৰ অভিযোগ যে চৰকাৰী বাছ হোৱাৰ বাবেই নামানে কোনো নীতি-নিৰ্দেশনা । যাৰ ফলতে প্ৰতিদিনে সংঘটিত হৈছে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা ।
লগতে পঢ়ক : বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থাকোঁতেই শোকাৱহ দুৰ্ঘটনা; থিতাতে মৃত্যু 3 টাকৈ শিশুৰ