আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত আহত এজন, পিষ্টল জব্দ - FIRING incident in Bokakhat

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 12:13 PM IST

thumbnail
বোকাখাতত গুলীয়াগুলি (ETV Bharat Assam)

গোলাঘাট, 21 জুন : শুকুৰবাৰে পুৱতি নিশা বোকাখাতত সংঘটিত গুলীচালনাৰ ঘটনা ৷ বোকাখাত আৰক্ষী আৰু এটা তিনিজনীয়া ডকাইতৰ দলৰ মাজত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ ঘটনাত আহত হয় পল্লৱ বসুমতাৰী নামৰ এটা ডকাইত ৷ গুলীবিদ্ধ পল্লৱ বসুমতাৰী নামৰ ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা ইটালিয়ান 9 এম এম পিষ্টল আৰু 4 জাঁই সজীৱ গুলী ৷ লগতে আটক কৰে গৌতম দলে আৰু বাবু শইকীয়া নামৰ আন দুটা ডকাইতক ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই তিনিজন ডকাইতৰ বিৰুদ্ধে আছে ডকাইতি, বাইক চুৰি, গাড়ী চুৰি আদি ঘটনাত জড়িত থকাৰ অভিযোগ ৷ যাৰ ফলত পৰ্যাপ্ত তথ্য় লাভ কৰি বোকাখাত আৰক্ষীয়ে চলাইছিল এই বিশেষ অভিযান ৷ বোকাখাতৰ অগৰাতলীত সংঘটিত হয় এই ঘটনা ৷

সম্প্ৰতি শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে গুলীবিদ্ধ ডকাইতটো ৷ বাকী দুজন আছে আৰক্ষীৰ জিম্মাত ৷ এই তিনিজনীয়া ডকাইতৰ দলটো বিগত বৰ্ষৰ ১৬ নৱেম্বৰত বোকাখাতৰ শিক্ষক উদয় চাংমাইক কৰা গুলীচালনাৰ ঘটনাটোত জড়িত থকা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

তদুপৰি গৌতম দলে নামৰ ডকাইতটো পূৰ্বে গঁড় হত্যাৰ সৈতেও জড়িত আছিল ৷ আৰক্ষীয়ে আটক কৰা পল্লৱ বসুমতাৰীৰ ঘৰ নুমলীগড়ৰ তেলগৰমত, গৌতম দলেৰ ঘৰ বোকাখাতৰ ধনশিৰিমুখত আৰু বাবু শইকীয়াৰ ঘৰ অগৰাতলীত বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান ।

লগতে পঢ়ক: Firing incident reported in Manipur : মণিপুৰৰ টেংনৌপালত গুলীচালনা, সুৰক্ষা কৰ্মী আৰু স্থানীয় লোকৰ মাজত সংঘাত

ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case

NIA ৰ জালত মণিপুৰত চাৰিগৰাকী নিৰীহক হত্যাত জড়িত প্ৰথমজন অভিযুক্ত - NIA probe into Manipur firing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.