thumbnail

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:52 PM IST

ETV Bharat / Videos

আহাৰমহীয়া বানে প্ৰাণ ল’লে শিশুৰ - ASSAM FLOOD 2024

বঙাইগাঁও, 20 জুন : ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ আজি কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে মানাহ নদীৰ পানী ফেনে-ফোটোকাৰে বাঢ়িবলৈ লোৱাৰ সময়তে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ।

মানাহ নদীৰ বাঢ়নী পানীত পৰি এটা তিনিবছৰীয়া শিশু মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ মানাহ নদীৰ বাঢ়নী পানী মমিনুল হক নামৰ লোকজনৰ ঘৰত সোমাই যোৱাত পানীত পৰি শিশুটিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.