thumbnail

বিশিষ্ট ভাস্কর্য শিল্পী সোণাৰাম নাথক 'নীলপৱন বৰুৱা বঁটা' প্ৰদান

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী, ৮ অক্টোবৰ: বিশিষ্ট ভাস্কর্য শিল্পী সোণাৰাম নাথক প্ৰদান কৰা হ'ল ২০২৪ বৰ্ষৰ 'নীলপৱন বৰুৱা বটা' । মহানগৰীৰ লক্ষ্মী মন্দিৰত মঙলবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক প্ৰদান কৰা হয় এই বঁটা । এই বঁটাটোত আছে চেলেং চাদৰ, ট্ৰফী, মানপত্ৰ আৰু নগদ ৩৫ হাজাৰ টকা ।  

উল্লেখ্য যে বিগত বৰ্ষৰ পৰাই মহানগৰীৰ মৈদাম বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিয়ে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সোঁৱৰণত প্ৰদান কৰি আহিছে 'নীলপৱন বৰুৱা বঁটা'। বিগত বৰ্ষৰ দৰেই এইবৰ্ষও দুৰ্গা পূজাৰ লগত সংগতি ৰাখি পূজাৰ প্ৰাকক্ষণত বিশিষ্ট ভাস্কর্য শিল্পী সোণাৰাম নাথক প্ৰদান কৰা হয় এই বৰ্ষৰ বঁটা । এই বঁটা গ্ৰহণ কৰি বিশিষ্ট চিত্ৰশিল্পী প্ৰয়াত নীলপৱন বৰুৱাক সুঁৱৰি আবেগিক হৈ পৰে সোণাৰাম নাথ । বসুন্ধৰা কলা নিকেতনে বাচনি কৰে বঁটাপ্ৰাপকক ।  

১৬ ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি

আনহাতে ৫৬ সংখ্যক মৈদান বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ এইবাৰ বিশেষ আকৰ্ষণ ১৬ ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি । ভৰি চুই দিলেই চকু মেলি আশীৰ্বাদ দিব হনুমানে । লগতে মহানগৰীত প্ৰতিদিনে ঘটি থকা বাইকস্তান্ত, চেইন টনা কাৰুকাৰ্য দেখুওৱা হ'ব । ২০ লাখ টকা বাজেটৰে আয়োজন কৰা এই পূজাত হনুমানৰ লগতে ৩ টা বিশেষ গণেশৰ মূৰ্তি থাকিব। ইয়াৰে প্ৰতিটো গণেশৰ মূৰ্তিয়ে চেতাৰ, তবলা আৰু তাল বজাই থাকিব ।

লগতে পঢ়ক:পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

লোকশিল্পী মহেশ্বৰ বৰাই কেতিয়া লাভ কৰিব শিল্পী পেন্সন ? - Folk Artist From Hojai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.