চিকিৎসকৰ গাফিলতিৰ বাবে চৰকাৰী চিকিৎসালয়ত নৱজাতকৰ মৃত্য়ুৰ অভিযোগ - Infant death in Govt hospital - INFANT DEATH IN GOVT HOSPITAL
🎬 Watch Now: Feature Video
Published : Aug 17, 2024, 10:17 PM IST
গুৱাহাটী, ১৭ আগষ্ট : ৰাজ্য চৰকাৰে কেউফালে বজাই আছে কেৱল উন্নয়নৰ ঢাক-ঢোল ৷ কিন্তু প্ৰকৃততে কিমান উন্নয়ন হৈছে ৰাজ্যত ? উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সমান্তৰালকৈ বিভিন্ন সময়ত পোহৰলৈ আহিছে বহু ন ন তথ্য ৷ শেহতীয়াকৈ চৰকাৰী চিকিৎসালয়ৰ উন্নয়নৰ এখন ফোপোলা ছবি পোহৰলৈ আহিছে ৷
জানিব পৰা মতে, মহানগৰীৰ ধীৰেণপাৰা এফ. আৰ. ইউ. হাস্পতালত সংঘটিত হৈছে আজবকাণ্ড । ১৫ আগষ্টৰ বিয়লি জন্ম হোৱা এটি কন্যা শিশু চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ।
ভুক্তভোগীয়ে উল্লেখ কৰা মতে, ১৫ আগষ্টৰ বিয়লি লালগনেশৰ উদ্ধৱ বৰ্মনৰ পত্নী সান্তনা মালা দাস বৰ্মন এটি কন্যা সন্তানৰ মাতৃ হৈছিল ৷ কিন্তু ২৪ ঘণ্টা নৌহওঁতেই কিছু জটিল হৈ পৰে শিশুটিৰ স্বাস্থ্যৰ অৱস্থা ।
কিন্তু পৰিয়ালৰ লোকে শিশুটিৰ স্বাস্থ্য সন্দৰ্ভত বাৰে বাৰে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ কৰা নাছিল চিকিৎসক তথা চিকিৎসালয়খনৰ আন আন কৰ্মচাৰীয়ে । যাৰ ফলত কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় মাত্ৰ এদিনীয়া কন্যা শিশুটিয়ে । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে উদ্ধৱ বৰ্মনে ৷ তথ্য অনুসৰি, চিকিৎসালয়খনত ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈ মৃত্যু হৈছে নৱজাতকৰ ।