মুখ্যমন্ত্ৰীক কিয় কৃতজ্ঞতা জ্ঞাপন কৰিলে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ? - Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:56 PM IST

যোৰহাট, 23 ফেব্ৰুৱাৰী: বসুন্ধৰা আঁচনি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প বুলি উল্লেখ কৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ যোৰহাটত ভূমি পট্টা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

মাটি, ভেটি, ভাষা-সংস্কৃতি থাকিলেহে এটা জাতি শক্তিশালী ৰূপত জীয়াই থাকে বুলি মন্তব্য কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া পৰিয়ালৰ ম্যাদী পট্টা নাছিল ৷ ৰজাদিনীয়া, ইতিহাসপ্ৰসিদ্ধ গাঁৱৰ লোকৰো ম্যাদী পট্টা নাছিল বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ গতিকে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বসুন্ধৰা 2.oৰ জৰিয়তে 2 লাখ 29 হাজাৰ লোকৰ হাতত ম্যাদী পট্টা তুলি দিছে বুলি সদৰী কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷  

উল্লেখ্য যে অসম চৰকাৰ মিছন বসুন্ধৰাৰ ২.oৰ অধীনত যোৰহাট সমষ্টিৰ 503 গৰাকী লোকক শুকুৰবাৰে ভূমি পট্টা প্ৰদান কৰা হয় ৷ যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ভূমি পট্টা প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । ভূমি পট্টা বিতৰণ কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে বছৰ বছৰ ধৰি পট্টা লাভৰ পৰা বঞ্চিত প্ৰকৃত খিলঞ্জীয়া লোকসকলে এতিয়া ভূমি পট্টা লাভ কৰিছে । ৮৪ শতাংশ ST, SC, OBC, MOBC আদি ভূমিপুত্ৰই বসুন্ধৰা আঁচনি জৰিয়তে ভুমি পট্টা লাভ কৰিছে বুলি সদৰী কৰে সাংসদ মাৰ্ঘেৰিটাই ৷

আজি অনুষ্ঠিত ভূমিপট্টা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ উল্লেখ্য যে যোৰহাট জিলাৰ অন্তৰ্গত বহুকেইটা সমষ্টিত শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ভুমি পট্টা প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: নাহৰকটীয়াত ৪,২৮২ গৰাকীক মিছন বসুন্ধৰাৰ অধীনত ভূমি পট্টা প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.