বানাক্ৰান্তক সাহাৰ্য প্ৰদান সন্দৰ্ভত কি ক'লে কামাখ্যা প্ৰসাদ তাছাই ? - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:38 PM IST

thumbnail
সাংসদ কামাখ্যা প্ৰসাদ তাছা (ETV BHARAT ASSAM)

কলিয়াবৰ, ৫ জুলাই : হাতীমূৰাৰ শ্লুইছ গেটৰ বিষয়ে বিশেষ নাজানে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।  সাংসদগৰাকীয়ে আজি এই কথা নিজ মুখেই স্বীকাৰ কৰিছে । শুক্ৰবাৰে কলিয়াবৰৰ হাতীমূৰাৰ শ্লুইছ গেটত উপস্থিত হৈ ক'লে," শ্লুইছ গেটৰ বিষয়ে একো নাজানো । নিৰ্মাণত যদি বিসংগতি আছে,তাৰ তদন্ত হ'ব । " আজি কলিয়াবৰত বানাক্ৰান্তৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছাই উপস্থিত হৈ খা-খবৰ লয় । তাৰ পাচতে মথাউৰি পৰিদৰ্শন কৰিবলৈ হাতীমূৰাত উপস্থিত হয় ।‌ সেই স্থানতেই সাংসদগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।

সাংসদগৰাকীয়ে অৱশ্য়ে চৰকাৰৰ ব্য়ৰ্থতা স্বীকাৰ কৰিব নুখুজি মাথো কয়," ব্ৰহ্মপুত্ৰত যদি ইমান এটা সৰু শ্লুইছ গেট থাকে হেঁচা পৰিবই । এতিয়া এই বিষয়ত কি তদন্ত কৰিব । শ্লুইছ গেটৰ অৱস্থা এনে হোৱাত নিশ্চয় বিসংগতি আছে । মুখ্যমন্ত্ৰী উপস্থিত হৈ যিহেতু পৰিৱেশ অধ্যয়ন কৰি গৈছে, বিষয়টোৱে  নিশ্চয় গুৰুত্ব পাব । কাৰিকৰী দিশবোৰ আৰু প্ৰাককলন কিদৰে হৈছে এই বিষয়ে মই মন্তব্য কৰিব নোৱাৰো ।"

সাংসদগৰাকীয়ে কয়, "মই বন্য়াৰ্তৰ ওচৰলৈহে আহিছো । ভঙা অংশ পৰিদৰ্শন কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক আৰু বিভাগীয় বিষয়াবৰ্গ আহিছে । বন্য়াৰ্তসকলে সা-সুবিধা সঠিকভাৱে পাইছে নে নাই তাৰ তদাৰক কৰিবলৈ আহিছো । সকলো লোকে সমানে সাহাৰ্য পাব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে । সেইমতে, প্ৰশাসনো সষ্টম হৈ আছে । আশ্ৰয় শিবিৰৰ ভিতৰে-বাহিৰে থকা লোকসকলে সুবিধাসমূহ পাব লাগে ।"  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.