কংগ্ৰেছৰ কাম-কাজক অনুকৰণ কৰে মুখ্যমন্ত্ৰী-বিজেপিয়ে: গৌৰৱ গগৈ - Himanta Biswa Sarma
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2024/640-480-20751605-thumbnail-16x9-knc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 14, 2024, 8:49 PM IST
যোৰহাট, 14 ফেব্ৰুৱাৰী: সোমবাৰে বিধানসভাত দাখিল কৰাৰ বাজেটৰ দ্বাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক কেলেংকাৰী আৰু লুন্ঠনৰ সুবিধা কৰি দিয়া বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷ বাজেটক লৈ ৰাইজ মুঠেই সন্তুষ্ট নহয় বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে বাজেটক লৈ ৰাইজৰ মাজত কোনো চৰ্চা হোৱা নাই ।
বাজেটত কেৱল হিতাধিকাৰীৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে সাংসদ গগৈয়ে ৷ আনহাতে কলিয়াবৰৰ সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছৰ কাম-কাজক অনুসৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিয়ে ৷ কাৰণ গাঁৱলৈ গৈ ৰাহুল গান্ধীয়ে নৈশ যাপন কৰিছিল, কংগ্ৰেছৰ সেই কামক অনুসৰণ কৰি মুখ্যমন্ত্ৰীও গাঁৱলৈ গৈ নৈশ যাপন কৰিবলৈ অগ্ৰসৰ হৈছে ।
আনহাতে কংগ্ৰেছৰ সকলো কামকে বিজেপিয়ে অনুসৰণ কৰিলে ভাল বুলি বুধবাৰে যোৰহাট গড়মূৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা আলি আয়েঃ লৃগাং অংশগ্ৰহণ কৰি এই মন্তব্য সাংসদ গৌৰৱ গগৈয়ে ।
লগতে পঢ়ক: দলে য'তেই নিৰ্বাচন খেলিবলৈ কয় তাতেই প্ৰতিদ্বন্দ্বিতা আগৱঢ়াম: গৌৰৱ গগৈ