thumbnail

প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত - Keshab Mahanta visits Rangia

By ETV Bharat Assamese Team

Published : May 21, 2024, 5:00 PM IST

ৰঙিয়া, 21 মে’: অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ ৰঙিয়াৰ গৰকাস্থিত বড়োৰ বাসগৃহত মঙলবাৰে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, অগপই ৰঙিয়াত প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিত অনুষ্ঠিত কৰিব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভা ৷ ৩০ মে’ত প্ৰগতি সংঘৰ বাকৰিত অনুষ্ঠিত হ’ব এই স্মৃতিচাৰণ সভা । তাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে ৰঙিয়া অগপৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰে মত বিনিময় কৰে ৷

মন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা ৷ প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে আঞ্চলিক দল অগপই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক - Thaneswar Boro Passes Away

মাটিৰ মানুহ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা - THANESWAR BORO PASSES AWAY

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ পৰলোক প্ৰাপ্তি - Thaneswar Boro Passes Away

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.