কলিয়াবৰত কলঙৰে সংযোগ বিচ্ছিন্ন হ'ল ব্ৰহ্মপুত্ৰৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 4:14 PM IST

thumbnail
কলিয়াবৰত কলঙৰে সংযোগ বিচিন্ন হ'ল ব্ৰহ্মপুত্ৰৰ (ETV Bharat Assam)

কলিয়াবৰ,৩১ জুলাই: হাতীমূৰা মথাউৰিত বুধবাৰে উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত‌‌‌ । হাতীমূৰা মথাউৰিৰ ছিগা অংশত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগৰ কামকাজ তদাৰক কৰে । ইতিমধ্যে কলিয়াবৰত কলঙৰে সংযোগ বিচ্ছিন্ন হ'ল ব্ৰহ্মপুত্ৰৰ । স্তব্ধ হ'ল কলঙলৈ বিগত প্ৰায় ২৭ দিনে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী । জলসম্পদ বিভাগে মেগা জিঅ’বেগ, পাৰ্কুপাইন আদিৰ প্ৰয়োগেৰে ক'ফাৰ ডেমটো মেৰামতি কৰি দুয়োমূৰ সংযোগ কৰিবলৈ সক্ষম হয় । পুনৰ বাঢ়নী পানীয়ে যাতে ক্ষতিসাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ ব্যৱস্থা কৰে জলসম্পদ বিভাগে ।  

এই বৰ্ষৰ খৰালিত হাতীমূৰা মথাউৰিৰ ছিগা অংশ পুনৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰৰ হাতীমূৰাত নদী-কলং সংলগ্ন নলা তথা সুৰক্ষা বান্ধ বন্ধ কৰিবলৈ সক্ষম হয় জলসম্পদ বিভাগ । কলিয়াবৰত মথাউৰি ছিগাৰ প্ৰায় ২৭ দিনৰ পাচত শ্লুইচগেট সংলগ্ন হাতীমূৰা মথাউৰিৰ ভগ্ন অংশটোৰ সন্মূখৰ সুৰক্ষা বান্ধটো বন্ধ কৰিবলৈ সক্ষম হয় জলসম্পদ বিভাগ । চলিত বৰ্ষৰ ২ জুলাইত কলিয়াবৰৰ হাতীমূৰা মথাউৰি ছিগি কলঙৰ বানে সৃষ্টি কৰিছিল জলপ্ৰলয় । ভগ্ন মথাউৰিৰ সন্মুখৰ ক'ফাৰ ডেমটো বন্ধ কৰাৰ লগতে হাতীমূৰা মথাউৰিৰ ভগ্ন অংশৰ পাচফালে এটা বান্ধ নিৰ্মাণ কৰি আছে জলসম্পদ বিভাগে ।

লগতে পঢ়ক: হাতীমূৰা মথাউৰিৰ সুৰক্ষা বান্ধক লৈ সামাজিক মাধ্য়মত কি ক'লে পীযুষ হাজৰীকাই ? - Minister Pijush Hazarika

উভতি বৈছে মিছা নৈ : কলিয়াবৰত ন ন অঞ্চল জলমগ্ন - Assam Flood 2024

১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.