তপন কুমাৰ গগৈ বিপুল ভোটত জয়লাভ কৰিব : বিমল বড়া

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 4:17 PM IST

thumbnail

মৰাণ,১৯ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে । ৰাজ্যৰ আনসমূহ সমষ্টিৰ দৰে ডিব্ৰুগড়ত লোকসভা সমষ্টি নিৰ্বাচনীৰ ব্যস্ততা দুগুণে বাঢ়িছে । ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ সৰ্বানন্দ সোণোৱালৰ হৈ সমষ্টিয়ে সমষ্টিয়ে বিধায়ক আৰু মন্ত্ৰীসকলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । মৰাণত মঙলবাৰে টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই মৰাণ নগৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ লগতে গ্ৰাহক, পদপথৰ ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰে । 

উল্লেখ্য যে সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত মৰাণ সমষ্টিৰ কেইবাটাও পঞ্চায়ত টিংখাং সমষ্টিত অৰ্ন্তভূক্ত হোৱাৰ পিচত মঙলবাৰে নতুনকৈ টিংখাং সমষ্টিত সংলগ্ন হোৱা লোকসকলৰ লগত মত বিনিময় কৰে । ইয়াৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কয় যে এইবাৰ নিৰ্বাচনত কোনো ব্যক্তি ফেক্টৰ নহয়, বিজেপি জয়ী হ'বই । এইবাৰৰ যুঁজ কংগ্ৰেছ VS বিজেপিৰ হ'ব, মোদী চৰকাৰৰ উন্নয়ন VS কংগ্ৰেছ চৰকাৰৰ ৭০ বছৰীয়া শাসন আৰু প্ৰতাৰণাৰ মাজত নিৰ্বাচন হ'ব । ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈ বিপুল ভোটত জয়লাভ কৰিব । 

লগতে পঢ়ক: ডেৰ লাখ ভোটৰ ব্যৱধানত হাৰিব গৌৰৱ গগৈ: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.