ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী - Fire in Duliajan

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 12:35 PM IST

thumbnail
ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী (ETV Bharat Assam)

মৰাণ, ২ জুন: দুলীয়াজানত নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । দুলীয়াজানৰ আনন্দপাৰা তিনিআলিত থকা গগৈ মাৰ্কেটৰ গায়েত্ৰী বস্ত্ৰালয় নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত ঘটে । ঘটনা সংঘটিত হোৱা পাচতেই ঘটনাস্থলীত দুলীয়াজান আৰক্ষী তথা অইল ইণ্ডিয়াৰ ২ খনকৈ অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বহু সময় চেষ্টা কৰাৰ অন্তত এই জুই নির্বাপন কৰিবলৈ সক্ষম হয় ।  

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণভাৱে ভস্মীভূত হয় অংশু কুমাৰ গুপ্তা নামৰ স্বত্বাধিকাৰীগৰাকীৰ গায়েত্ৰী বস্ত্ৰালয় নামৰ কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ বয়-বস্তু জুইত ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ নিশা দুলীয়াজানত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয় ।

লগতে পঢ়ক: মমৰ শিখাই আনিলে বিপদ : পানীখাইতিত ছাঁই হৈ গ’ল এখন ঘৰ - Fire In Guwahati

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী - FIRE INCIDENT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.