দেৰগাঁৱত শোকাৱহ ঘটনা, সংযোগৰ কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন - Death Due To Electrocution

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 3:45 PM IST

thumbnail
দেৰগাঁৱৰ নাহৰনিত শোকাৱহ ঘটনা (ETV BHARAT ASSAM)

গোলাঘাট, 7 জুলাই : দেৰগাঁৱৰ নাহৰনিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এই ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ উচ্চ পৰিবাহী বিদ্যুতৰ নতুন সংযোগৰ কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ৷ বিদ্যুৎ সংযোগৰ কাম কৰি থকাৰ সময়ত তলেদি যোৱা টু-টুৱেন্টি ভল্টৰ তাঁৰত বন্ধ কৰা নাছিল বিদ্যুতৰ প্ৰবাহ ৷

অভিযোগ অনুসৰি কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈয়ে ঠিকাদাৰে বনুৱা লগাই কৰাইছিল এই কাম ৷ যাৰবাবে সংঘটিত হয় এই ঘটনা ৷ অভিযোগ অনুসৰি কাম কৰাৰ সময়তো বিদ্যুৎ বিভাগৰ কোনো অনুমতি লোৱা নাছিল ঠিকাদাৰে ৷ সেয়েহে কৰ্তন হোৱা নাছিল বিদ্যুতৰ প্ৰবাহ ৷ ঠিকাদাৰৰ গাফিলতিৰ বাবেই সংঘটিত হ'ল এই শোকাৱহ ঘটনা ৷ নিহত আৰু আহত এজনৰো নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ আহতজনক ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ 

লগতে পঢ়ক : গা-ধুবলৈ গৈ অকাল মৃত্যু দুই সমনীয়া ৰোহিত আৰু ধীমানজ্যোতিৰ - Two minors died

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.