মেঘালয়-গোৱালপাৰাৰ পৰা ৬ গাড়ীচোৰক গ্ৰেপ্তাৰ - Car theft racket

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 6:21 PM IST

thumbnail
মেঘালয়, গোৱালপাৰাৰ পৰা ৬ গাড়ী চোৰক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গুৱাহাটী,১২ জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দিনক দিনে বৃদ্ধি পাই আহিছে গাড়ী চুৰিৰ ঘটনা ৷ গাড়ী চুৰি চক্ৰসমূহে ন-ন কৌশল অৱলম্বন কৰি গাড়ী চুৰি কৰি ৰাজ্যৰ লগতে বহিঃৰাজ্যত গাড়ীসমূহ বিক্ৰী কৰা তথা চুৰি গাড়ীসমূহ ভাঙি চিঙি ইয়াৰ যন্ত্ৰণাংশ বিভিন্ন ডেম্পত বিক্ৰী কৰি আহিছে । বৃহস্পতিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি হাতীগাঁও আৰক্ষীয়ে গাড়ী চুৰিৰ সৈতে জড়িত এক বৃহৎ চক্ৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । হাতীগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত মেঘালয়ৰ ইষ্ট গাৰো হিলছ আৰু গোৱালপাৰা অঞ্চলত অভিযান চলাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত ৬ টাকৈ গভাইত চোৰক গেপ্তাৰ কৰে ।  

আৰক্ষীৰ জালত পৰা ধৃত চোৰকেইটা ক্ৰমে গোৱালপাৰাৰ ফুলচান্দ আলী, ৰাহুল আমিন, মাহমুদ হাছান, মেঘালয়ৰ বাগুৱানত সাহিদুল, ইষ্ট গাৰো হিলছৰ বিজয় চাংমা আৰু টেংগস্ৰান চাংমা । আৰক্ষীয়ে জনোৱা অনুসৰি এই গাড়ী চুৰি চক্ৰটোৱে চুৰি গাড়ীসমূহ বিক্ৰী কৰিছিল চুবুৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত । গ্ৰেপ্তাৰ হোৱা গোৱালপাৰাৰ চোৰ কেইটাই গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত বাইক চুৰি কৰি নি মেঘালয়ৰ চোৰ কেইটাক গতাই দিছিল । তাৰ পিচত মেঘালয়ৰ চোৰকেইটাই তাৰ স্থানীয় লোকৰ হাতত কম মূল্যত কৰি গৈছিল বিক্ৰী । গ্ৰেপ্তাৰ হোৱা আটাই কেইটাকে ইতিমধ্যে হাতীগাঁও আৰক্ষীযে জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: চোৰৰ মুখত সাংবাদিকৰ নাম : লখিমপুৰ প্ৰেছ ক্লাবৰ পৰা অব্যাহতি সাংবাদিকক - Cattle theft racket

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft Incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.