গুৱাহাটীত অবৈধভাৱে নিৰ্মাণ কৰা ফ্লেটত পৰিল পৌৰ নিগমৰ হাতোৰা - GMC eviction

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 1:26 PM IST

thumbnail
গুৱাহাটীত অবৈধভাৱে নিৰ্মাণ কৰা ফ্লেটত পৰিল পৌৰ নিগমৰ হাতোৰা (ETV Bharat)

গুৱাহাটী, ৩০ আগষ্ট : গুৱাহাটীত এটা নিজৰ ফ্লেট বা আবাস ক্ৰয়ৰ সপোন দেখিছে নেকি ? বিল্ডাৰ বা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ পৰা ফ্লেট এটা ক্ৰয়ৰ পূৰ্বে সাৱধান হ'ব ! কিয়নো হঠাৎ লোৱা সিদ্ধান্তৰ বাবে আপুনি বিপদত পৰিব পাৰে । পৌৰ নিগমে আপোনাৰ ফ্লেটতো চলাব পাৰে অভিযান !

হাতীগাঁৱত তেনে এক ঘটনা সংঘটিত হ'ল । বৃহস্পতিবাৰে পুৱাই হাতিগাঁৱৰ বিষ্ণুজ্যোতি পথৰ গৃহ নম্বৰ ৪৮(A) শিৱ শক্তি ৰেচিডেঞ্চিত চলালে অভিযান । অবৈধভাৱে নিৰ্মাণ কৰা এটা আবাস ভাঙি দিলে পৌৰ নিগমে ।

জানিব পৰা মতে, সমৰজিৎ‌ দাস নামৰ এজন বিল্ডাৰ ফ্লেটটো নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত ভাৰালৈ দিছিল । কিন্তু নীতি বহিঃৰ্ভূতভাৱে ফ্লেটটো নিৰ্মাণ কৰা বাবে এপাৰ্টমেণ্টটোৰ বাকী আবাসীসকল সমস্যাৰ সন্মুখীন হৈ আহিছিল । এই কথা বিল্ডাৰজনক জনোৱা হৈছিল যদিও তেওঁ কোনো গুৰুত্ব নিদিলে ।

অৱশেষত এপাৰ্টমেণ্টৰ আবাসীয়ে এই সন্দৰ্ভত বিল্ডাৰৰ বিৰুদ্ধে পৌৰ নিগম আয়ুক্তক অভিযোগ দিয়ে । অভিযোগমৰ্মে অনুসন্ধান কৰি অৱশেষত বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ নিৰ্দেশত এটা দলে আহি ভাঙি দিয়ে অবৈধভাৱে নিৰ্মাণ কৰা ফ্লেটটো ।

লগতে পঢ়ক :অসমৰ ৪ খন জিলাত মণিপুৰী ভাষাক বিশেষ মৰ্যাদা প্ৰদান - Assam associate official language

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.