গীতেৰে মিঞাৰ সজাগতা আনিবলৈ গৈ আলতাপ এতিয়া গৌৰীপুৰ থানাত - Altap Hussain Arrested

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 6:13 PM IST

thumbnail
গীতেৰে মিঞাৰ সজাগতা আনিবলৈ গৈ আলতাপ এতিয়া গৌৰীপুৰ থানাত (ETV Bharat Assam)

ধুবুৰী, ৩১ আগষ্ট : অসম তোমাৰ বাপৰ নেকি বুলি প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হ’ল আলতাপ হুছেইন ৷ মিঞা জাগিলে অসমীয়াই নাম পাহৰিব বুলি কোৱা বিতৰ্কিত গায়কগৰাকী হ’ল গৌৰীপুৰ আৰক্ষী থানাৰ আলহী ৷

দুদিন পূৰ্বে এটা গীতৰ জৰিয়তে অসমীয়াক সকীয়নি দিয়া ধুবুৰীৰ গায়ক আলতাপ হুছেইনক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সমাজত নেতিবাচক প্ৰভাৱ পেলাব পৰা কথাংশৰ এটা গীত মুকলি কৰিছিল আলতাপ নামৰ গায়কজনে ৷ য’ত মিঞাক সমৰ্থন কৰিবলৈ গৈ উচটনিমূলক কথাংশ সংযোগ কৰা হৈছিল ৷

বিতৰ্কৰ সূচনা কৰা গীতটো ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যৰ একাধিক আৰক্ষী থানাত গায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল ৷ নাৰায়ণপুৰ থানাত সাংবাদিক মৃগাংক মোহন দত্তয়ো আলতাপ হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল শুকুৰবাৰে ৷ তাৰ পিছৰে পৰাই আত্মগোপন কৰি থকা আলতাপ হুছেইনক শনিবাৰে গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : অসমীয়াৰ নাম পাহৰাব খোজা আলতাপ হুছেইনৰ বিৰুদ্ধে এজাহাৰ যুৱ সাংবাদিক মৃগাংক মোহন দত্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.