কলগাছিয়াত খহনীয়াৰ কৱলত পৰা দলং পৰিদৰ্শন বদৰুদ্দিন আজমলৰ - Badruddin Ajmal

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 10:53 PM IST

thumbnail
খহনীয়াৰ কৱলত পৰা দলং পৰিদৰ্শন বদৰুদ্দিন আজমলৰ (ETV Bharat Assam)

জনীয়া, 11 জুলাই : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কৰাৰকূৰ দলঙৰ সমীপত বেকী নদীয়া চলোৱা গৰাখহনীয়া অঞ্চল বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে । উল্লেখ্য যে ইতিমধ্যে বেকী নৈৰ প্ৰৱল গৰাখহনীয়াই বিকল্প ৰাজ্যিক ঘাইপথৰ আধাতকৈও বেছি অংশ খহাই নিয়ে । বৃহস্পতিবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰি আজমলে চৰকাৰক সমালোচনা কৰাৰ লগতে এই সম্পৰ্কে অতি সোনকালে চৰকাৰৰ লগত আলোচনাত বহিব বুলি মন্তব্য কৰে ।

উজনিত চৰকাৰে যিদৰে তৎপৰতা দেখুৱাইছে বা বানপানী হোৱা জিলাসমূহত অভিভাৱক মন্ত্ৰী নিয়োগ কৰা হৈছে, তেনেক্ষেত্ৰত নামনিত কিন্তু এজনো অভিভাৱক মন্ত্ৰী নিয়োগ কৰা হোৱা নাই ৷ এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয় যে তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত বহিব আৰু নামনি অসমৰ বান আৰু গৰাখহনীয়া সম্পৰ্কে অৱগত কৰিব । আজমলে বানত ককবকাই থকা ৰাইজক প্ৰচুৰ পৰিমাণে সাহাৰ্য সামগ্ৰী প্ৰদান কৰিবলৈ জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামক আহ্বান জনায় ।

ইয়াৰোপৰি বদৰুদ্দিন আজমলে বাঘবৰ সমষ্টিৰ বৃহত্তৰ ময়নবৰীৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।

লগতে পঢ়ক : বান পৰিস্থিতিক লৈ চৰকাৰে উজনি-নামনিৰ বিভেদ অনাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.