ন্যায় প্ৰদান, দুই ধৰ্ষণকাৰীক শাস্তি আদালতৰ - Rape case in Dhemaji - RAPE CASE IN DHEMAJI
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-09-2024/640-480-22435783-thumbnail-16x9-rape-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 12, 2024, 10:13 PM IST
ধেমাজি,১২ ছেপ্টেম্বৰ: ধেমাজি জিলা ন্যায়িক আদালতে বৃহস্পতিবাৰে ৰায়দান কৰে দুটাকৈ ধৰ্ষণকাণ্ডৰ গোচৰৰ । POCSO আইনৰ ৬ নং ৰ ধাৰাত এটা ধৰ্ষণকাৰীক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকা জৰিমনা বিহা হয় । কাৰাদণ্ড বিহা ধৰ্ষণকাৰীটো বিশ্বনাথ জিলাৰ গহপুৰৰ ধেনুধৰাৰ ধন গগৈ বুলি জানিব পৰা গৈছে । বৰদলনিৰ পৰা মুখত সোপা দি গাড়ীৰে নি লোকজনৰ নিজ গৃহত ৫ দিন ধৰ্ষণ কৰিছিল এগৰাকী ১৬ বছৰীয়া কিশোৰীক ৷ লগতে মৃত্যুৰ ভাবুকিও প্ৰদান কৰিছিল । ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে দাখিল কৰা এজহাৰৰ ভিত্তিত গোগামুখ থানাত ৫৫/২০২২ এক গোচৰ ৰুজু হৈছিল ।
ইফালে POCSO আইনৰ অধীনত ধেমাজি জিলা ন্যায়ধীশ কৌশিক হাজৰিকাৰ আদালতেও গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে । ৰূপেশ্বৰ গগৈ নামৰ লোকজনে সাধুৰ বেশত গৈ ২০১৯ চনৰ ছেপ্টেম্বৰত চিলাপথাৰত ২ গৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল । ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ড লগতে ১০ হাজাৰ জৰিমনা আৰু চেকচন ৮ ধাৰাত ৩ বছৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে ৷