ধৰ্ষণৰ গোচৰৰ ৰায়দান ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ - Rape case in Dhemaji

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 9:13 PM IST

thumbnail
ধৰ্ষণৰ গোচৰৰ ৰায়দান ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ (ETV Bharat Assam)

ধেমাজি,২২ আগষ্ট: দেশ কঁপোৱা মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য ঘটনা সংঘটিত হোৱাৰ সময়তে ধেমাজিতো ধৰ্ষণৰ ঘটনাৰ লগত জড়িত এজন অভিযুক্তক আদালতে দোষী সাব্যস্ত কৰি বিহিলে চৰম শাস্তি । ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে এক ৰায়দানযোগে বৃহস্পতিবাৰে এটা ধৰ্ষণৰ গোচৰত ভাইজান মৰাং নামৰ এটা অপৰাধীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকাৰে জৰিমনা বিহে । যদিহে জৰিমনা আদায় নিদিয়ে তেন্তে দোষীক অতিৰিক্তভাৱে ৬ মাহ কাৰাদণ্ড খটাৰ নিৰ্দেশ প্ৰদান কৰে ।  

উল্লেখ্য যে, ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ ৰঙানৈ গাঁৱৰ ভাইজান মৰাঙে ২০১৭ চনৰ ফেব্ৰুৱাৰীত মাহত সংঘটিত কৰিছিল উক্ত ধৰ্ষণৰ ঘটনা ৷ ঘটনাৰ পিছতেই ধেমাজি সদৰ আৰক্ষী থানাত পৰিয়ালে গোচৰ তৰিছিল ৷ পৰৱৰ্তী সময়ত বিগত সাত বছৰে গোচৰ চলা অন্তত আজি আদালতে চূড়ান্ত ৰায়দানেৰে দোষীক শাস্তি প্ৰদান কৰে ।

লগতে পঢ়ক: দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case

ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.