বৰপেটাৰ পাটবাউসী সত্ৰত দধিমথন উৎসৱ - DADHIMATHAN FESTIVAL - DADHIMATHAN FESTIVAL
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-04-2024/640-480-21229808-thumbnail-16x9-bar-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 15, 2024, 7:49 PM IST
বৰপেটা, ১৫ এপ্ৰিল: ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰঙালী বিহু ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে বৰপেটা জিলাৰ বিভিন্ন ঠাইতো পালন কৰা হৈছে ৰঙালী বিহুটি । পালন কৰা হৈছে পৰম্পৰাগত খেল-ধেমালিৰ লগতে দধিমথন উৎসৱ । বিগত বৰ্ষসমূহৰ দৰে বৰপেটাৰ সকলো সত্ৰতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ জিলাখনত এই উৎসৱ বৈহাগ'ৰ দোমাহি হিচাপে জনাজাত ।
বহাগ'ৰ দোমাহি হিচাপে পালন কৰা বিহু উপলক্ষে বৰপেটাৰ সকলো সত্ৰতে পূৰ্বৰে পৰা চলি অহা ৰীতিৰে বিভিন্ন উৎসৱ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ আন আন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ দামোদৰদেৱে প্ৰতিষ্ঠা কৰা পাটবাউসী সত্ৰত বহাগ বিহু উপলক্ষে দধিমথন উৎসৱ অনুষ্ঠিত হয় ৷ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ব'হাগ বিহু উপলক্ষে পাটবাউসী সত্ৰত মাধৱদেৱ গুৰুজনাই ৰচনা কৰা 'অৰ্জুন ভূঞ্জন' ভাওনাৰ 'দধিমথন' অংশটো পৰিবেশন কৰা হয় ৷
বিহুৰ পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কণ কণ শিশুসকলে দধিমথন ভাওনাত অংশগ্ৰহণ কৰে ৷ শতিকা প্ৰাচীন পৰম্পৰাৰে পৰিবেশন হৈ অহা দধিমথন উৎসৱ উপলক্ষে পাটবাউসী সত্ৰত পালন কৰা এই ভাওনাৰ জৰিয়তে শিশু কৃষ্ণৰ বাৎসল্য ৰূপ চাবলৈ সত্ৰত ভকত বৈষ্ণৱে অংশ লয় ৷
লগতে পঢ়ক:বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - RONGALI BIHU 2024