শংকৰ প্ৰসাদ ৰায় কংগ্ৰেছৰ বাবে আৱৰ্জনা আছিল: প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ মন্তব্য - প্ৰদেশ কংগ্ৰেছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-02-2024/640-480-20805132-thumbnail-16x9-kcjzxkc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 21, 2024, 4:54 PM IST
বঙাইগাঁও, 21 ফেব্ৰুৱাৰী: প্ৰাক্তন কংগ্ৰেছ নেতা তথা প্ৰাক্তন কংগ্ৰেছ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায় কংগ্ৰেছ দলৰ বাবে আৱৰ্জনাহে আছিল বুলি মন্তব্য কৰিছে কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ তথা ৰাজ্যিক সম্পাদক জ্যোতিৰ্ময় বৈশ্যই ৷ বঙাইগাঁও চহৰস্থিত ৰাজীৱ ভৱনত জ্যোতিৰ্ময় বৈশ্যই এই মন্তব্য প্ৰকাশ কৰে ।তেওঁ কয় যে দলৰ পৰা নেতা ওলাই গ’লে দলৰ ক্ষতি হয়, কিন্তু এইজন নেতা ওলাই যোৱাৰ পিচত দলৰ কোনোধৰণৰ ক্ষতি হোৱা নাই । শংকৰ প্ৰসাদ ৰায় কংগ্ৰেছ দলত থাকি দলৰ বাবে একো কাম কৰা নাছিল বুলি বুলি মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ তেওঁ কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ ভুল সিদ্ধান্তৰ বাবেই শংকৰ প্ৰসাদ ৰায়ক বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচনৰ টিকট দিয়া হৈছিল ৷ দুবাৰকৈ টিকট লাভ কৰিও তেওঁ কোনোধৰণৰ ভাল ফলাফল দেখুৱাব নোৱৰাৰ পিচৰে পৰা কংগ্ৰেছ দলৰ সৈতে যোগাযোগ বন্ধ কৰিলে বুলি মন্তব্য কৰে জ্যোতিৰ্ময় বৈশ্যই ৷আনহাতে ৰিপুণ বৰাই দিয়া জিলা কংগ্ৰেছৰ সভাপতিৰ মৰ্যাদাও শংকৰ প্ৰসাদ ৰায়ে ৰাখিব নোৱাৰিলে বুলি মন্তব্য কৰি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় যে শংকৰ প্ৰসাদ ৰায়ৰ আধা কথাই মিছা ।লগতে পঢ়ক: ধুবুৰী নহয় নগাঁওহে মোৰ পচন্দ: ৰকিবুল হুছেইন