thumbnail

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উচ্ছেদক লৈ ডুমডুমাত কংগ্ৰেছৰ প্ৰতিবাদ - CONGRESS PROTEST AT DOOM DOOMA

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 4:04 PM IST

তিনিচুকীয়া, ১৫ জুলাই : মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উচ্ছেদক লৈ উত্তপ্ত হৈ আছে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ । উল্লেখ্য, ১৯৬০ চনতে ডুমডুমাত স্থাপিত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উচ্ছেদ কৰি তাৰ ঠাইত ডুমডুমা পৌৰসভাই এটা ক্লক টাৱাৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে । ডুমডুমা পৌৰসভাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল-সংগঠনে তাব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।  

আনহাতে, ডুমডুমা পৌৰসভাৰ এই কাৰ্যৰ বিৰুদ্ধে সোমবাৰে কংগ্ৰেছেও ডুমডুমাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমা নগৰৰ মাজমজিয়াৰ উক্ত স্থানতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । মহাত্মা গান্ধীক অপমান কৰা ডুমডুমা পৌৰসভাই ৰাজহুৱাভাৱে ক্ষমা খোজক, গান্ধীৰ মূৰ্তিটো উক্ত স্থানতে পুনৰ স্থাপন কৰক, ব্ৰিটিছৰ আৰ্হিত ক্লক টাৱাৰ নিৰ্মাণকাৰ্য বন্ধ কৰক আদি দাবীৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদস্থলীত প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ উপস্থিত থাকি বিজেপি দল, বিধায়ক ৰূপেশ গোৱালা তথা ডুমডুমা পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে । উল্লেখ্য, পৌৰসভাই মূৰ্তিটো উচ্ছেদ কৰাৰ পূৰ্বে কোনো ৰাজহুৱা সভা আয়োজন নকৰাৰ বাবেই পৌৰসভাৰ এই কাৰ্যৰ বিৰুদ্ধে এতিয়া সকলো দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ 

লগতে পঢ়ক :ডুমডুমাৰ গান্ধীমূৰ্তি বিতৰ্ক : তুষাৰ গান্ধীৰ টুইটৰ পিচতহে যেন সাৰ পালে মুখ্যমন্ত্ৰীয়ে ! - Gandhi’s Statue in Doom Dooma
লগতে পঢ়ক :ডুমডুমাৰ গান্ধীমূৰ্তি প্ৰসংগ : বিতৰ্ক দেখি প্ৰশাসনে ক'লে গান্ধীমূৰ্তিও থাকিব ক্ল’ক টাৱাৰো হ'ব - Gandhi’s Statue in Doom Dooma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.