গৌৰৱ গগৈক লৈ চিন্তাও কৰা নাই বিজেপিয়ে ! মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
গুৱাহাটী, 4 মাৰ্চ : "যাৰ নাম লৈছে, এইবিলাকক লৈ টেনশ্যনেই লোৱা নাই, আমি চিন্তাও কৰা নাই ৷ এই বিলাক টিভি ষ্টুডিঅ’ৰ নাম হয়, মানুহৰ মাজৰ নাম নহয় ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটীৰ এক বিশেষ অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আৰু গৌৰৱ গগৈ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত এইদৰে কাৰো নাম নোলোৱাকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷
কোনো দলক উপলুঙা নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিবলৈ কংগ্ৰেছৰ নিজস্ব প্ৰক্ৰিয়া আছে ৷ অসমৰ টিভিৰ মতে প্ৰাৰ্থীৰ তালিকা নোলায় ৷ কংগ্ৰেছৰ নিজৰ প্ৰক্ৰিয়া আছে, নিজৰ মতে হ’ব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে ৰাজ্যৰ 11 টা সমষ্টিত নিশ্চিতভাৱে বিজেপিয়ে জয়লাভ কৰিব আৰু তিনিটাত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ