thumbnail

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 4:11 PM IST

Updated : Jul 1, 2024, 5:18 PM IST

ETV Bharat / Videos

ৰাজ্যৰ বান সমস্যাৰ লগতে কেবাটাও বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল - CM Himanta Live

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ৷ অসমৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদমেলত তথ্য দিয়াৰ সম্ভাৱনা । ইতিমধ্যে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিছে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই । সম্প্ৰতি অসমৰ বান পৰিস্থিতি শোচনীয় হৈছে । এতিয়ালৈকে বানৰ কবলত পৰিছে ৰাজ্যৰ ১২ খন জিলাৰ ছয় শতাধিক গাঁও । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে জনোৱা মতে, সম্প্ৰতি ৰাজ্যৰ ১২ খন জিলা - কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাট জিলা বানৰ কবলত পৰিছে । ইয়াৰে ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও বাঢ়নী পানীয়ে প্লাবিত কৰিছে । বানৰ ফলত মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে ৷ সংবাদমেলত দেশত প্ৰৱৰ্তন হোৱা নতুন আইন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা ৷
Last Updated : Jul 1, 2024, 5:18 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.