তৰল মন্তব্যৰে নহয় ৰাইজৰ বিশ্বাস অৰ্জন কৰি নিৰ্বাচনত জয়ী হোৱাৰ অংগীকাৰ গৌৰৱৰ - Lok Sabha Election

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 1:44 PM IST

চৰাইদেউ, ১৭ মাৰ্চ : যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতে দেওবাৰে চৰাইদেউত প্ৰচাৰ অভিযানৰ বাবে উপস্থিত হয় গৌৰৱ গগৈ । ঐতিহাসিক চৰাইদেউ মৈদামত সেৱা লৈ আজিৰ দিনটোত চৰাইদেউ জিলা পৰিভ্ৰমণ কৰি দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰা লগতে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে ।  

চৰকাৰ গঠন হ'লে CAA বাতিল কৰিব বুলি ঘোষণা কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয়, "INDI এলায়েন্স চৰকাৰ গঠন হ'লে প্ৰথম কেবিনেট বৈঠকতে বাতিল কৰিম নাগৰিকত্ব সংশোধনী আইন ।" উল্লেখ্য যে, চৰাইদেউত উপস্থিত হোৱা গৌৰৱ গগৈক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈকে আদি কৰি দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: এইবাৰ ঐতিহাসিক আৰু আৱেগৰ নিৰ্বাচন হ'ব: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.