thumbnail

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 3:37 PM IST

ETV Bharat / Videos

লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতত ব্যস্ত বিপিএফ - Lok Sabha Election 2024

ৰঙিয়া, ১ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ত ৰণকৌশল প্ৰস্তুত কৰাত ব‍্যস্ত বিপিএফ । এই উদ্দেশ্যৰে ৰঙিয়াৰ এক নম্বৰ ৱাৰ্ডত সোমবাৰে দলটোৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ কৰ্মী ৰিহন দৈমাৰী সহিতে বহুকেইগৰাকী নেতা উপস্থিত থাকে ।

সভাখনত তফজ্জুল ইছলামক মুখ্য আহ্বায়ক হিচাপে লৈ পূৰ্ণাংগ নিৰ্বাচন পৰিচালনা সমিতিখন গঠনৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰা হয় । সভাখনত ভাষণ দি ৰিহন দৈমাৰীয়ে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াক হৰুৱাব লাগিব বুলি দোহাৰে । আনহাতে বিজেপিৰ ভিতৰচ’ৰাত বিসম্বাদৰ আৰম্ভণি হোৱা বুলি উল্লেখ কৰি আগন্তুক সময়ত দিলীপ শইকীয়াক তেওঁৰ দলৰ অসন্তুষ্ট কৰ্মীয়ে বয়কট কৰিব বুলিও টিপ্পনী কৰে ।

সভাখনত উপস্থিত আন কেইবাগৰাকী নেতাই ভাষণ দি আগন্তুক নিৰ্বাচনৰ বাবে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব লাগিব এই বিষয়ে উল্লেখ কৰে । 

লগতে পঢ়ক: কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; বাখ্যা শুনক বদৰুদ্দিন আজমলৰ মুখেৰে - Ajmal Controversial Statement

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.