জন্মস্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি পালন - Madhabdev Birth Anniversary - MADHABDEV BIRTH ANNIVERSARY
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-05-2024/640-480-21548771-thumbnail-16x9-narayan-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 24, 2024, 7:40 PM IST
বিহপুৰীয়া, ২৪ মে' : আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আবিৰ্ভাৱ তিথি । ইয়াৰ সৈতে সংগতি ৰাখি পুৱা উষা কীৰ্তন,পৰিৱেশ নিকাকৰণ,ধৰ্মধ্বজা উত্তোলনৰ পিছতে কীৰ্তন গৃহত আৰম্ভ হয় নাম প্ৰসংগ ।
শুকুৰবাৰে পুৱাই হৰি নামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যৱসিত হয় লেটেকুপুখুৰী । আজি ৰাজ্য়ৰ বিভিন্ন ঠাইত পুৱাৰে পৰা ভকতসকল ব্যস্ত হৈ পৰে নাম প্ৰসংগৰ উপৰিও ভাগৱত পাঠ আদিত । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ,নামঘৰসমূহ । সকলোৱে গুণানুকীৰ্তন কৰিছে তেওঁৰ সৃষ্টিৰাজিৰ । ১৪৮৯ত লখিমপুৰৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰীত জন্মগ্ৰহণ কৰা শ্ৰীশ্ৰীমাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা ।