ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ প্ৰচেষ্টা অসম চৰকাৰৰ - World record set by Assam

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:21 AM IST

thumbnail
ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ প্ৰচেষ্টা অসম চৰকাৰৰ (World record set by Assam)

গুৱাহাটী, 4 আগষ্ট : আন এক বিশ্ব অভিলেখ গঢ়াৰ দিশে অসম । বিহুৰ পাচতেই এইবাৰ অসমৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলাইছে অসম চৰকাৰে । বিগত দহ দিন ধৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত শতাধিক নৃত্য শিল্পীয়ে চলাইছে ঝুমুৰৰ অনুশীলন ।

শনিবাৰে এই অনুশীলন উপভোগ কৰাৰ লগতে শিল্পীসকলক উৎসাহিত কৰিবলৈ অনুশীলনস্থলিত উপস্থিত হয় মন্ত্ৰী বিমল বড়া আৰু সঞ্জয় কিষাণ । শীঘ্ৰেই এই অনুশীলনকাৰীসকলৰ মাজৰ পৰাই বাছনি কৰা হ’ব মাষ্টাৰ ট্ৰেইনাৰসকলক ।

অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ 8000 শিল্পীয়ে অংশ ল’ব এই বিশ্ব অভিলেখত । বাছনি কৰা মাষ্টাৰ ট্ৰেইনাৰসকলে প্ৰশিক্ষণ দিব আন শিল্পীসকলক । ইতিমধ্যে সম্পূৰ্ণ অনুষ্ঠানটো পৰিচালনা কৰিবলৈ গঠন কৰি দিয়া হৈছে এখন বিশেষজ্ঞ সমিতি । আগষ্ট মাহৰ শেষৰ ফালে আৰম্ভ হ’ব শিল্পীৰ বাছনি প্ৰক্ৰিয়া তথা পূৰ্ণ অনুশীলন । নৱেম্বৰত হ'ব এই বিশ্ব অভিলেখ । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি
World record set by Assam: অসমে গঢ়া দুটাকৈ গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ লাভ কৰিলে মুখ্যন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.