অনিয়মীয়া বিদ্যুৎ যোগানে জলা-কলা খুৱাইছে নামতিবাসীক - Power supply disrupt - POWER SUPPLY DISRUPT
🎬 Watch Now: Feature Video
Published : Jul 24, 2024, 10:46 PM IST
আমগুৰি,২৪ জুলাই: যি সময়ত স্মাৰ্ট মিটাৰৰ জড়িয়তে ৰাজ্যৰ বিদ্যুৎ বিভাগে বিদ্যুতৰ গ্ৰাহকক অত্যধিক মাচুল সংগ্ৰহ কৰি জলা-কলা খুৱাইছে তেনে সময়তে শিৱসাগৰ জিলাৰ নামতিত বিদ্যুতৰ লুকাভাকুৰ বাবে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তোলে স্থানীয় ৰাইজে । বিগত কেইবাদিনো ধৰি নামতিৰ বৃহত্তৰ অঞ্চলত বিদ্যুতৰ লুকাভাকু তথা অনিয়মীয়া বিদ্যুৎ সেৱাৰ বাবে অঞ্চলবাসী ক্ষোভিত হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় একাংশ লোক নামতিৰ বৈদ্যুতিক উপ-কেন্দ্ৰত উপস্থিত হৈ বিভাগটোৰ কৰ্মচাৰীক জবাবদিহি কৰে ।
বৃহত্তৰ নামতি অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবেই ব্যৱসায়িক প্ৰতিষ্ঠানে লোকচানৰ সন্মুখীন হোৱাৰ লগতে সৰ্বসাধাৰণ লোকসকল প্ৰচণ্ড গৰমত ত্ৰাহি মধুসূদন দেখিছে । স্মৰ্তব্য যে যি সময়ত বিদ্যুৎ মাচুলৰ অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ জনতাৰ মুৰত মাধমাৰ সোধাইছে ৷ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ ক্ষেত্ৰত দুদিনমান পলম হ'লেই বিদ্যুৎ বিভাগৰ লোকে বিদ্যুৎ সংযোগ কৰ্তনৰ কৰে তেনে সময়তে নামতিত বিদ্যুতৰ লুকাভাকুৱে সৰ্বসাধাৰণ লোকক অতিষ্ঠ কৰি তুলিছে ।