thumbnail

ৰাহুল গান্ধীৰ নিৰ্দেশত শিলচৰৰ মণিপুৰী শৰণাৰ্থীক সাহাৰ্য বিতৰণ প্ৰদেশ কংগ্ৰেছৰ - Rahul Gandhi Manipur visit

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:08 PM IST

শিলচৰ, ৮ জুলাই : ৰাহুল গান্ধীৰ নিৰ্দেশত কাছাৰৰ ফুলেৰতল আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা মণিপুৰৰ শৰণাৰ্থীসকলক খাদ্য-সামগ্ৰী বিতৰণ অসম প্ৰদেশ কংগ্ৰেছৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ জিলা কংগ্ৰেছ দলে এই সাহাৰ্য সামগ্ৰী প্ৰদান কৰে ।

উল্লেখ্য, সোমবাৰে মণিপুৰ ভ্ৰমণলৈ আহে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী । তেওঁ মণিপুৰৰ জিৰিবামলৈ যোৱাৰ পূৰ্বে কাছাৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মণিপুৰৰ শৰণাৰ্থীসকলৰ লগত মত-বিনিময় কৰে ।

ৰাহুল গান্ধীৰ সৈতে মত-বিনিময়ৰ সময়ত মণিপুৰৰ বাসিন্দাসকলে তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা কৈ ৰাহুল গান্ধীক জনাই যে তেওঁলোক ইয়াত অতি কষ্টৰে আছে । বিশেষকৈ খোৱা-লোৱাসহ চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোক বহু অসুবিধাৰ সম্মুখীন হৈ আছে । আশ্ৰয় শিবিৰত থকা লোকসকলৰ অভিযোগ শুনি ৰাহুল গান্ধীয়ে শৰণাৰ্থীসকলক কংগ্ৰেছৰ ফালৰ পৰা শীঘ্ৰে সাহাৰ্য বিতৰণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছ সভাপতিক তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়ে । ৰাহুল গান্ধীৰ এই নিৰ্দেশৰ পাচতে ভূপেন বৰাৰ নেতৃত্বত শিলচৰ কংগ্ৰেছৰ এটা দলে আবেলি ফুলেৰতল আশ্ৰয় শিবিৰলৈ গৈ এমাহৰ খাদ্য-সামগ্ৰী বিতৰণ কৰে । লগতে কংগ্ৰেছৰ তৰফৰ পৰা চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্যও প্ৰদান কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়; ৰাজ্যসভাত নৰেন্দ্ৰ মোদীয়ে কোৱা কথা মিছা: কেইশাম মেঘচন্দ্ৰ - Rahul Gandhi Manipur visit
লগতে পঢ়ক :শিলচৰ বিমানবন্দৰ পৰা পোনে পোনে জিৰিবামলৈ ৰাওনা ৰাহুল গান্ধী; ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত গুলীয়াগুলী - Rahul Gandhi’s Visit To Manipur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.