মাণিকপুৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকত লিংকৰ লুকা-ভাকু - Assam Gramin Vikash Bank
🎬 Watch Now: Feature Video
Published : Mar 7, 2024, 4:29 PM IST
মাণিকপুৰ, 7 মাৰ্চ : বঙাইগাঁও জিলাৰ মাণিকপুৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকত লিংকৰ লুকা-ভাকু ৷ ফলত বেংকলৈ তাঁতবাটি কৰি হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে গ্ৰাহক ৷ গ্ৰাহকৰ অভিযোগ অনুসৰি 10ৰ পৰা 15 দিন অসম গ্ৰামীণ বিকাশ বেংকৰ মাণিকপুৰ শাখাত নাই লিংক ৷ গ্ৰাহকে টকা জমা থব পৰা নাই আৰু জমা টকা উলিয়াব পৰাও নাই ৷
ইফালে ৰমজান মাহ, শিৱৰাত্ৰি আৰু দেউল সমাগত ৷ নিজৰ প্ৰয়োজনত জমা টকা উলিয়াব নোৱাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে গ্ৰাহকে ৷ এই সন্দৰ্ভত গ্ৰাহকে জানিব বিচৰাত বেংক কৰ্তৃপক্ষই গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৷ মাণিকপুৰ অঞ্চলৰ কৃষক সকলে নিজৰ কাম-কাজ বাদ দি লিংকৰ আশাত দিনৰ দিনটো বহি থাকিবলগীয়া হৈছে বেংকত ৷ 70 বছৰীয়া বৃদ্ধাও নিজৰ পেঞ্চনৰ টকা নিবলৈ আহি বিমুখ হৈ ঘূৰি গৈছে ৷ এই ক্ষেত্ৰত উৰ্দ্ধতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কামনা কৰিছে গ্ৰাহকে ৷
লগতে পঢ়ক : বনকৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পতী