অসামৰিক চিকিৎসালয়ৰ সন্মুখতেই ফাৰ্মাচীত বিক্ৰী ম্যাদ উকলা ঔষধ - Selling Expired Medicine

🎬 Watch Now: Feature Video

thumbnail

তিনিচুকীয়া, ২ আগষ্ট: তিনিচুকীয়াৰ এম ডি মেডিকেল ষ্ট’ৰ নামৰ ফাৰ্মাচীখনৰ বিৰুদ্ধে ম্যাদ উকলা ঔষধ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখতেই থকা ফাৰ্মাচীখনৰ পৰা যোৱা মঙলবাৰে এজন গ্ৰাহকে ক্ৰয় কৰিছিল ঔষধ ৷ ঔষধটো লৈ লোকজনে বুধবাৰে এখন নাৰ্ছিং হোমত উপস্থিত হোৱাৰ পিচতে পোহৰলৈ আহিল ম্যাদ উকলা ঔষধ বিক্ৰীৰ ঘটনাটো ৷  

অভিযোগ কৰা লোকজনে পৰৱৰ্তী সময়ত উক্ত ফাৰ্মাচীখনত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখতে ফাৰ্মাচীত এনেদৰে ম্যাদ উকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনৰ লগত হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগীয়ে । অনাগত দিনত যাতে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভোগী লোকজনে ৷

লগতে পঢ়ক:সাৱধান ! চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীষ্টে ৰোগীক যোগান ধৰিছে ম্যাদ উকলা ঔষধ - Selling expired tablets

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.