নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি কলগাছিয়াত অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ বিজেপি কৰ্মীৰ - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:00 PM IST

thumbnail

জনীয়া, ২৭ এপ্ৰিল: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজেতেই কলগাছিয়াৰ কান্দুলীয়া গাৱঁত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে বিতৰণ কৰিছে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ । নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতেই এইদৰে দুখীয়া লোকৰ মাজত প্ৰ-পত্ৰ বিতৰণত ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে । এইসকল লোকে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনক এনে কাৰ্যৰ তদন্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ।  

উত্থাপিত অভিযোগ অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ কলগাছিয়াৰ কান্দুলীয়া-বৰতাৰী, বালাগাঁও, বামুণটাৰি, শউপুৰ, কলগাছিয়া, গুনিয়ালগুৰি, বলাইপাথাৰ, ডিমাপুৰ, আমতল আদি কৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিশখনতকৈ অধিক গাঁৱত নিৰ্বাচনী বিধি উলংঘা কৰি বিতৰণৰ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ । বিজেপি নেতাৰ নিৰ্দেশত আব্বাছ আলী, বিল্লাল হুছেইন, মফিদুল ইছলাম, মুক্তাৰ আলীয়ে এই প্ৰ-পত্ৰ বিতৰণ কৰা বুলি অভিযোগ উঠিছে ।

ইপিনে, কলগাছিয়াত ৰফিকুল ইছলাম, জুৱাদ আলী, শহৰ আলীয়ে একাংশ দুখীয়া নিৰক্ষৰ লোকৰ ঘৰে ঘৰে আৰু বজাৰত বিতৰণ কৰিছে অৰুণোদয় প্ৰ-পত্ৰ । নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি-অগপ প্ৰতিচ্ছবি থকা প্ৰ-পত্ৰখন বিতৰণ কৰা দেখি একাংশ সচেতন ব্যক্তিয়ে ক্ষোভ প্ৰকাশ কৰে । এই প্ৰ-পত্ৰ নতুনকৈ গঠিত  সৃজনগ্ৰাম সমষ্টিৰ বিজেপিৰ লেংটিছিঙা ব্লকৰ নেতা দীপকৰ নেতৃত্বত প্ৰ-পত্ৰবোৰ বিতৰণ কৰিব দিয়ে বুলি মন্তব্য কৰে বিতৰণৰ কৰা লোককেইজনে ।  

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ত অগপ-বিজেপিয়ে সাধাৰণ ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰৰ দ্বাৰা চৰকাৰে বক্ৰপথেৰে ভোট সংগ্ৰহৰ যি কুচকাৱাজ আৰম্ভ কৰিছে সেইক্ষেত্ৰত নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনক তদন্ত কৰিবলৈ দাবী জনাইছে একাংশ সচেতন ব্য়ক্তিয়ে । 

লগতে পঢ়ক:নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙত অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.