বিত্তীয় খেলিমেলিৰ অভিযোগত অভিযুক্ত আহোম সভাৰ নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ স্পষ্টীকৰণ - Ahom Sabha leader Pranjal Rajkonwar

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 8:13 PM IST

তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী: "মোৰ বিত্তীয় কেলেংকাৰী এইটোৱে আছিল যে, মই মৰিগাঁও জিলাৰ অধিৱেশনৰ হিচাপ দিয়া নাছিলো ৷ এগৰাকী সাধাৰণ সম্পাদক হিচাপে সদৌ অসম আহোম সভাৰ নামত মোৰ চহী অনুসাৰে এটা একাউণ্ট আছিল ৷" তিনিচুকীয়াত বিত্তীয় খেলিমেলিৰ অভিযুক্ত আহোম সভাৰ নেতা প্ৰাঞ্জল ৰাজকোঁৱৰে এক সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দি এই মন্তব্য প্ৰকাশ কৰে ৷ ৰাজনৈতিক ছত্ৰচায়াত পৰি এনেধৰণৰ অবৈধভাৱে সদৌ অসম আহোম সভাখন গঠন কৰাৰ লগতে বিভিন্ন কাৰ্যত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰাঞ্জল ৰাজকোঁৱৰে ৷

শেহতীয়াকৈ তিনিচুকীয়াৰ চ্যুকাফা নগৰস্থিত টাই সংস্কৃতি চৰ্চা কেন্দ্ৰত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত এখন কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত কৰি অধিৱেশনৰ কাম-কাজৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল আহোম সভাৰ নেতাসকলে ৷ তাৰ পিচতে প্ৰাঞ্জল ৰাজকোঁৱৰৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ 

লগতে পঢ়ক: বিধানসভাত নীতিশৰ ভাগ্য পৰীক্ষা, অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.