বেংগালুৰুত সন্ধানহীন টিংখাঙৰ হেমন্ত সন্দিকৈ - assam man missing incident - ASSAM MAN MISSING INCIDENT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-03-2024/640-480-21094248-thumbnail-16x9-missing-case.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 28, 2024, 10:44 PM IST
ডিব্ৰুগড়, 28 মাৰ্চ : কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ প্ৰায়ে কিছু লোক সন্ধানহীন হয়, লগতে একাংশ লোক নিৰ্যাতনৰ সন্মুখীন হোৱাৰো খবৰ শুনা যায় । শেহতীয়াকৈ কেবাটাও এনে খবৰে অসমৰ ৰাইজক ব্যথিত কৰি তুলিছিল ৷ পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈ পৰিছে টিংখাঙৰ এজন ব্যক্তি ।
টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত দিচাং বৰবিল গাঁৱৰ হেমন্ত সন্দিকৈ (৪৮) নামৰ লোকজন কৰ্মৰ সন্ধানত যোৱা 22 মাৰ্চত গাঁৱৰে অন্য দুজনমান ব্যক্তিৰ সৈতে বেংগালুৰুলৈ গৈছিল । পিছে বেংগালুৰুত ৰে'লৰ পৰা নমাৰ পাচতে হেমন্ত সন্দিকৈ নামৰ লোকজন লগৰ কেইজনৰ পৰা বিচ্ছিন্ন হৈ পৰে । লোকজন নিখোজ হোৱাৰ খবৰ টিংখাঙৰ পৰা একেলগে যোৱা ব্যক্তিকেইজনে পৰিয়ালৰ লোকক অৱগত কৰে । এই খবৰ লাভ কৰাৰ লগে লগে নিৰুদিষ্ট লোকজনৰ পৰিয়ালত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । হেমন্ত সন্দিকৈ সন্ধানহীন হোৱাৰ বাতৰি পাই পত্নী মামনি সন্দিকৈৰ লগতে পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে । কোনো লোকে ব্যক্তিজনৰ সন্ধান লাভ কৰিলে 6900283638 নাম্বাৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব আহ্বান জনাইছে ।
লগতে পঢ়ক : শিহৰণকাৰী ! স্বামীয়ে পত্নীক দাৰে ঘপিয়াই বাচি ল’লে আত্মহননৰ পথ - Suicide Case In Mangaldoi