৮০ দিনে সন্ধান নাই ফৰকাটিঙৰ পৰা বেংগালুৰুলৈ যোৱা মেৰাপানীৰ এজন লোকৰ - Man missing in Vijayawada

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 8:28 PM IST

thumbnail
গোলাঘাটৰ এজন লোক সন্ধানহীন (ETV Bharat Assam)

গোলাঘাট,২২ আগষ্ট: পুনৰ বহিঃৰাজ্যত নিখোজ অসমৰ এজন লোক । মেৰাপানী ভেলেউগুৰিৰ পৰা বেংগালুৰুলৈ যোৱাৰ পথত নিখোজ হৈছে মোলোকাই দাস নামৰ এজন ৫২ বছৰীয়া ব্যক্তি । ঘটনা অনুসৰি চলিত বৰ্ষৰ ৬ জুনl গোলাঘাট মেৰাপানী ভেলউগুৰিৰ মোলোকাই দাস নামৰ ব্যক্তিগৰাকী ফৰকাটিং ৰে'ল ষ্টেচনৰ পৰা ৰে'লত উঠি যাত্ৰা আৰম্ভ কৰিছিল । কিন্তু আজি পৰ্যন্ত লোকজনৰ কোনো শুং-সূত্ৰ পোৱা নাই বৃদ্ধ মাতৃয়ে । ঘৰত পুত্ৰ-বোৱাৰী আৰু বৃদ্ধা মাতৃক এৰি থৈ লোকজন বেংগালুৰুত কৰ্মৰত জী-জোঁৱায়েকৰ ঘৰলৈ গৈছিল ।  

তাৰ পাছতে মোলোকাই দাসৰ কন্যাই আইতাকক ফোন যোগে জনাই যে তেখেতৰ পুত্ৰ ভুলতে বেলেগ ষ্টেচনত নামি যোৱাৰ পাছত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই । অৱশ্যে লোকজনে লগত লৈ যোৱা দুটা বেগ ৰে'লৰ ভিতৰত জীয়েকে উদ্ধাৰ কৰে বুলি আইতাকক জানিবলৈ দিয়ে । কিন্তু তাৰ পাছৰে পৰা আজি প্ৰায় ৮০ দিন ধৰি সন্ধান নাই লোকজনৰ । জানিব পৰা বিজয়ৱাৰা ৰে'লষ্টেচনত ভুলক্ৰমে নামি গৈছিল মোলোকাই দাস । তাৰ পাছৰ পৰাই সংযোগবিহীন হৈ আছে লোকজন ।  

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰ নৈত জাপ দি সন্ধানহীন যুৱক - Youth drowned in Brahmaputra

পেটৰ ক্ষুধাই লৈ গৈছিল বহিৰাজ্যলৈ: আদবাটৰে পৰা পৰিয়ালে পোৱা নাই কোনো খবৰ - ASSAM YOUTH MISSING IN OTHER STATE

ভাউৰী দেৱী চেৰাউগী বিদ্যালয়ৰ সন্ধানহীন তিনি ছাত্ৰৰ দুজনক উদ্ধাৰ - Student Missing In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.