ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৩ কিঃমিঃ দৈৰ্ঘৰ ধৰ্মধ্বজা প্ৰস্তুত - 3 km long dharmadhwaja ready
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-01-2024/640-480-20558953-thumbnail-16x9-tsk-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 21, 2024, 1:00 PM IST
তিনিচুকীয়া,২১ জানুৱাৰী: কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত বহু অপেক্ষাৰ অন্তত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৷ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰাকঃক্ষণত এতিয়া দেশৰ চৌদিশে সৃষ্টি হৈছে এক ৰামময় পৰিবেশৰ ৷ ৰাজ্য চৰকাৰেও ঘোষণা কৰিছে ২২ জানুৱাৰীত অৰ্ধছুটি । প্ৰাণ প্ৰতিষ্ঠাৰ বাবে কেৱল হিন্দু লোকসকলেই আগ্ৰহী তেনে নহয়, আগ্ৰহী সমগ্ৰ দেশবাসী ৷ তেনে সময়তে তিনিচুকীয়াত হিন্দু-মুছলমান সকলোৱে একেলগে ব্যস্ত ৩ কিলোমিটাৰ দৈৰ্ঘৰ এক ধৰ্মধ্বজা প্ৰস্তুত কৰাত ৷
আচলতে কাকপথাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপন সমিতিৰ উদ্যোগত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে ২২ জানুৱাৰীত পুৱা ৯ বজাৰ পৰা কাকপথাৰ চহৰত ৩ কিলোমিটাৰ দৈৰ্ঘৰ এক বিশাল ধৰ্মধ্বজা লৈ পদযাত্ৰাৰ আয়োজন কৰিছে আৰু সেই বিশাল ধৰ্মধ্বজা তিনিচুকীয়াত বিগত ১০-১৫ দিনে প্ৰস্তুত কৰাত ব্যস্ত তিনিচুকীয়াৰ প্ৰায় ১০-১৫ গৰাকী হিন্দু-মুছলমান যুৱক-যু্ৱতীয়ে ৷ ১০-১৫ গৰাকীকৈ কৰ্মচাৰীয়ে ৩ কিলোমিটাৰ দৈঘ্যৰ ধৰ্মধ্বজাখন বিনা পাৰিশ্ৰমিকেৰে প্ৰস্তুত কৰিছে ৷
লগতে পঢ়ক: নিচুকনি গীত শুনি নিদ্ৰাত পৰিব ভগৱান ৰাম লালা