দেৰগাঁৱত চুৰিৰ অভিযোগত অভিযুক্ত ১৩ বছৰীয়া ছাত্ৰৰ আত্মহত্য়া - Student Commits Suicide

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 5:21 PM IST

thumbnail
১৩ বছৰীয়া ছাত্ৰৰ আত্মহত্য়া (ETV Bharat Assam)

গোলাগাট,৩ আগষ্ট: দেৰগাঁৱৰ পুলি কৰৈয়নিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । শুকুৰবাৰে উক্ত অঞ্চলৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক চুৰিৰ অভিযোগত অভিযুক্ত কৰা হৈছিল । ৫০ টকা চুৰিৰ অভিযোগ উত্থাপন কৰাৰ লগতে ঘৰৰ ভিতৰত শৌচ কৰাৰ অভিযোগ উত্থাপন কৰিছিল চুবুৰীয়া এঘৰ লোকে । উক্ত ঘটনাৰ পাচৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন । পৰিয়ালৰ লোকে বিভিন্ন অঞ্চলত ছাত্ৰজনক বিচাৰে যদিও কোনোধৰণৰ সন্ধান লাভ নকৰাত নিৰাশ মনেৰে ঘৰলৈ উভতি আহে ।  

কিন্তু শনিবাৰে ৰহস্যজনকভাৱে অঞ্চলটোৰ এটা পুখুৰীত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে । চুৰিৰ অভিযোগত মানসিকভাৱে ভীতিগ্ৰস্ত হৈ এই চৰমপন্থা বাচি ল'লে নেকি ছাত্ৰজনে ? সেয়া এক ৰহস্যৰ বিষয় । বৰ্তমান ঘটনাস্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

গৌৰাং নৈত জাঁপ দি আত্মহত্যা কৰা কিশোৰৰ মৃতদেহ উদ্ধাৰ - Suicide case in Bilashipara

চিকিৎসালয়ৰ আৱাসত চৰকাৰী চিকিৎসকৰ আত্মহত্যা - Doctor Commits Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.