ETV Bharat / technology

খিৰিকীৰ কাষত, মাজত নে শেষত... বিমানৰ কোনখন আসন আটাইতকৈ সুৰক্ষিত ? - What Is The Safest Seat On Plane

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 2:08 PM IST

What Is The Safest Seat On Airplane: পৰিবহনৰ অন্যান্য মাধ্যমৰ তুলনাত বিমান ভ্ৰমণ সম্পূৰ্ণ সুৰক্ষিত বুলি গণ্য কৰা হয় ৷ এই বিমানত কিছুমান আসন জৰুৰীকালীন অৱস্থাত আপোনাৰ বাবে সুৰক্ষিত বুলি প্ৰমাণিত হ'ব পাৰে । অৱশ্যে এয়া দুৰ্ঘটনা এটাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে । অধ্যয়ন অনুসৰি, বিমান এখনৰ মাজৰ বা পিছফালৰ আসন সাধাৰণতে সুৰক্ষিত হয় ।

What Is The Safest Seat On Plane Front, Middle Or Back
বিমানৰ আটাইতকৈ সুৰক্ষিত আসন কোনটো ? ((IANS))

সকলোৱে প্ৰায়ে বিমানৰ টিকট বুকিং কৰাৰ সময়ত নিজৰ পছন্দৰ আসনখন বিচাৰে । বেছিভাগ যাত্ৰীয়ে বিমানত খিৰিকীৰ কাষৰ আসন, লেগৰূম বা বাথৰূমৰ ওচৰৰ আসনখনহে অধিক পছন্দ কৰে । কিন্তু বিমানৰ টিকট বুকিং কৰাৰ সময়ত আপুনি কেতিয়াবা ভাবিছেনে যে, জৰুৰীকালীন অৱস্থাত কোনখন আসন আপোনাৰ বাবে আটাইতকৈ নিৰাপদ হ’ব ?

আজিকালি মানুহে নিজৰ পছন্দ অনুসৰি আসন বুক কৰে, যেনে জিৰণি ল’বলৈ বা মন গ’লেই ভৰি মেলিবলৈ বা সহজতে শৌচাগাৰ ব্যৱহাৰ কৰিব পৰাকৈ সকলোৱে নিজৰ পছন্দৰ আসনখন বিচাৰে । বহুতে আকৌ সন্মুখৰ আসনখনহে বেছি পছন্দ কৰে, যাতে যাত্ৰাৰ শেষত সোনকালে নামিব পাৰে । পিছে কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে, বিমানৰ মাজৰ বা পিছফালৰ আসনখন সাধাৰণতে আটাইতকৈ নিৰাপদ হয় ।

বিমানত কোনখন আসন বেছি সুৰক্ষিত সন্মুখত, মাজত নে শেষত ?

গৱেষণাৰ পৰা দেখা গৈছে যে, বিমানৰ কিছুমান অংশ আন অংশতকৈ অধিক সুৰক্ষিত । আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে ১৯৭১ চনৰ ২০টা বিমান দুৰ্ঘটনাৰ তদন্ত কৰিছিল । তদন্তত তেওঁলোকে পালে যে, দুৰ্ঘটনাৰ সময়ত বিমানখনৰ পিছফালে বহি থকা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ৬৯ শতাংশ ৷

আনহাতে, বিমানখনৰ সন্মুখত বহি থকা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা আছিল মাত্ৰ ৪৯ শতাংশ । বিমানখনৰ ডেউকাৰ চাৰিওফালে বহি থকা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ৫৯ শতাংশ ।

টাইম আলোচনীয়ে আমেৰিকাৰ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনৰ চি এছ আৰ টি জি বিমান দুৰ্ঘটনাৰ তথ্যকোষৰ ভিত্তিত ১৯৮৫ চনৰ পৰা ২০০০ চনলৈকে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু জীয়াই থকা যাত্ৰীসকলৰ তথ্য বিশ্লেষণ কৰিছিল । য’ত দেখা গ’ল যে, বিমানখনৰ পিছফালৰ অংশটো অধিক নিৰাপদ, কাৰণ পিছফালৰ অংশটোত বহি থকা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা বেছি ৷ লগতে মাজৰ আসনত বহি থকাটোও নিৰাপদ বুলি গম পোৱা যায় ।

পিছফালৰ যাত্ৰীসকলৰ মৃত্যুৰ হাৰ আটাইতকৈ কম

অধ্যয়ন অনুসৰি, বিমান এখনৰ পিছফালে মাজৰ আসনত বহি থকা যাত্ৰীসকলৰ মৃত্যুৰ হাৰ আছিল 28 শতাংশ আৰু কেবিনৰ মাজৰ তৃতীয়াংশত থকা আসনবোৰ আটাইতকৈ কম সুৰক্ষিত আছিল ৷ ইয়াত বহি থকা যাত্ৰীসকলৰ মৃত্যুৰ হাৰ আছিল ৪৪ শতাংশ ।

এইটো বিশ্বাস কৰা হয় যে, মাজৰ আসনবোৰ অধিক সুৰক্ষিত, কিয়নো তেওঁলোকৰ দুয়োফালে বহি থকা লোকসকলে যাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰে । পিছফালৰ আসনত বহি থকা যাত্ৰীৰ মৃত্যুৰ হাৰ আটাইতকৈ কম পোৱা গ’ল ।

বিমান ভ্ৰমণকাৰীসকলৰ বাবে 2023 আছিল দ্বিতীয়টো সুৰক্ষিত বছৰ

এভিয়েশ্যন চেফটি নেটৱৰ্ক ডাটাবেছত যোৱা বছৰ ৰেকৰ্ড কৰা সকলো এয়াৰলাইন ঘটনা অনুসৰি, 2023 বছৰটো বিমান ভ্ৰমণকাৰীসকলৰ বাবে দ্বিতীয়টো সুৰক্ষিত বছৰ আছিল । ডাটাবেছ অনুসৰি, যোৱা বছৰ 3.5 নিযুত বিমানৰ চলাচল হৈছিল । যাৰ ভিতৰত 1,213 টা আছিল গুৰুতৰ দুৰ্ঘটনা, 134 টা মধ্যমীয়া দুৰ্ঘটনা আৰু 5 টা মাৰাত্মক দুৰ্ঘটনা ৷ এই ঘটনাবোৰত মুঠ 105 টা মৃত্যুৰ ঘটনা সংঘটিত হয় । airlineratings.com ৰ এক প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰত প্ৰতি বছৰে গড়ে 13 টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে আৰু 300 জন লোকৰ মৃত্যু ঘটে ।

এয়াৰ নিউজিলেণ্ড হৈছে আটাইতকৈ সুৰক্ষিত এয়াৰলাইন

এম আই টি -ৰ এক অধ্যয়ন অনুসৰি, আমেৰিকা যুক্তৰাজ্য, ইউৰোপীয় ইউনিয়নৰ দেশসমূহ, চীন, জাপান, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ইজৰাইলৰ এয়াৰলাইনবোৰৰ বিপদাশংকা আটাইতকৈ কম ।

airlineratings.com ৰ এক প্ৰতিবেদন অনুসৰি এয়াৰ নিউজিলেণ্ড বৰ্তমান বিশ্বৰ আটাইতকৈ সুৰক্ষিত এয়াৰলাইনসমূহৰ ভিতৰত প্ৰথম স্থানত আছে ৷ তাৰপিচত আছে ক্ৰমে কণ্টাছ, ভাৰ্জিন অষ্ট্ৰেলিয়া, ইতিহাদ এয়াৰৱেজ আৰু কাটাৰ এয়াৰৱেজ ।

লগতে পঢ়ক : পাছৱৰ্ড পৰিচালনা কৰাৰ সৰ্বোত্তম উপায় : অধিক পাছৱৰ্ড মনত ৰাখিবলৈ কি কৰা উচিত - Tips to remember too many passwords

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.