ETV Bharat / technology

দেশত শীঘ্ৰে মুকলি হ’ব অত্যাধুনিক সুবিধা বিশিষ্ট বন্দে ভাৰত শ্লীপাৰ ৰে’ল - Indian Railways

author img

By ETV Bharat Tech Team

Published : Sep 3, 2024, 2:17 PM IST

Vande Bharat Sleeper Train: শীঘ্ৰেই দেশত মুকলি হ’ব বহু সুবিধা বিশিষ্ট বন্দে ভাৰতৰ শ্লীপাৰ কোচ ৷ বিশ্বৰ শ্ৰেষ্ঠ ৰে’লসমূহৰ সৈতে এই ৰেলৰ সাদৃশ্য আছে বুলি দাবী কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷

Etv Bharat
অত্যাধুনিক সুবিধা বিশিষ্ট বন্দে ভাৰত শ্লীপাৰ ৰে’ল (social media)

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: শীঘ্ৰেই মুকলি হোৱাৰ সম্ভাৱনা বহু প্ৰত্যাশিত বন্দে ভাৰত শ্লীপাৰ ৰে’ল ৷ ৰে’লখনৰ শ্লীপাৰ কোচবোৰ চলিত মাহত বেংগালুৰুৰ বি ই এম এলৰ পৰা প্ৰেৰণ কৰা হ’ব আৰু ডিচেম্বৰ মাহত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে ।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বেংগালুৰুৰ ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড (বিইএমএল)ত নিৰ্মাণ কৰা নতুন বন্দে ভাৰতৰ ডবা পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "বন্দে ভাৰত ৰে’লৰ সকলো ডবাত আধুনিক প্ৰযুক্তি সংযুক্ত কৰা হৈছে । এই ৰে’লবোৰ বহুত যত্ন আৰু সূক্ষ্ম দৃষ্টিকোণেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে । যাত্ৰাৰ সময়ত যাত্ৰীসকলে আল্ট্ৰা কম্ফৰ্টৰ মাজেৰে পাৰ হ’ব পৰাকৈ ডিজাইন কৰা হৈছে । কেৱল যাত্ৰীসকলেই নহয় আনকি সেৱাৰ কৰ্মচাৰীসকলেও এই আৰামৰ সুবিধা লাভ কৰিব কাৰণ তেওঁলোকে জিৰণি ল’ব পৰাকৈ এটা বিশেষ কক্ষ ডিজাইন কৰা হৈছে ।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ৰে’লসমূহ মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিজাইন কৰা হৈছে বুলিও দাবী কৰে । তেওঁ কয়, "ভাৰতীয় ৰে’লৱেৰ লক্ষ্য হৈছে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ৰে’ল যাত্ৰাৰ সময়ত চূড়ান্ত আৰাম প্ৰদান কৰা । এই ৰে’লসমূহৰ ভাড়াও সকলোৰে বাবে সুলভ হ’ব । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি অগ্ৰাধিকাৰ প্ৰদান কৰি ইয়াত একাধিক চেন্সৰ সংযোগ কৰা হৈছে । যিকোনো বিপদৰ বিষয়ে লোক পাইলটক সতৰ্ক কৰি দিব পৰাকৈ কৱচ ব্যৱস্থা স্থাপন কৰা হৈছে । এই ৰে’লসমূহৰ সাদৃশ্য আছে বিশ্বৰ শ্ৰেষ্ঠ ৰে’লসমূহৰ সৈতে ।"

দ্ৰুতবেগী

বন্দেভাৰতৰ এই শ্লীপাৰ কোচ ঘণ্টাত 160 কিলোমিটাৰ বেগেৰে দৌৰিব । বঙাইগাঁৱৰ এটা কাৰখানাত নিৰ্মাণ কৰা হৈছে বন্দেভাৰতৰ শ্লীপাৰ কোচবোৰ । দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থা থকাৰ বাবে দুখন গাড়ীৰ মাজত সংঘৰ্ষ কম হযব বুলি আশা কৰা হৈছে । বিশেষভাৱে সক্ষম যাত্ৰীসকলৰ বাবে বিশেষ বাৰ্থ আৰু শৌচাগাৰ প্ৰস্তুত কৰা হৈছে । শৌচাগাৰত যাতে বেয়া গোন্ধ নাযায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । যাত্ৰীসকলে সকলো বয়-বস্তু কঢ়িয়াই থকাৰ প্ৰয়োজন নহ’ব কিয়নো বয়-বস্তুৰ বাবে লাগেজ ষ্ট’ৰৰ বিশেষ ব্যৱস্থা কৰা হৈছে ।

প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন

অহা দুমাহৰ ভিতৰত ভাৰতীয় ৰে’লৱে আৰম্ভ কৰিবলৈ সাজু হৈছে এই বিশেষ বন্দে ভাৰতখন । মোডী 3.0 তো আকৌ এবাৰ ৰেল মন্ত্ৰণালয় অশ্বিনী বৈষ্ণৱক অৰ্পণ কৰা হৈছে । ভাৰতীয় ৰে’লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা এখন আধুনিক আৰু আৰামদায়ক ৰেল বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন । যিটো দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে সুবিধাজনক আৰু আৰামদায়ক কৰি তোলাৰ লক্ষ্যৰে শীঘ্ৰে মুকলি কৰা হ’ব । মুঠ 823 গৰাকী যাত্ৰী কঢ়িয়াই নিব পৰাকৈ নিৰ্মাণ কৰা হৈছে 16 টা দবাযুক্ত এই ৰে’লখন । য'ত এচি 3 টায়াৰত 611 টা বাৰ্থ, এচি 2 টায়াৰত 188 টা বাৰ্থ আৰু প্ৰথম এচিত 24 টা বাৰ্থ আছে ।

দীৰ্ঘ দূৰত্ব বিশেষ

ৰাজধানী এক্সপ্ৰেছ আৰু তেজস এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছতকৈ বন্দে ভাৰত শ্লীপাৰ ৰে’ল দ্ৰুত বুলি গণ্য কৰা হৈছে । সময় আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি বন্দে ভাৰতৰ শ্লীপাৰ ৰে’ল চলাচল কৰিব । এই ৰেলখন বিশেষভাৱে দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলৰ বাবে ডিজাইন কৰা হৈছে ।

লগতে পঢ়ক: ৰে’লপথৰ কাষত পৰি থকা খুঁটাত খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে

এই পদ্ধতি অৱলম্বন কৰক আৰু ৰে’লৰ টিকট বুকিঙত পাওঁক নিশ্চিত ৰেহাই ! - Save Money on Train Tickets

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.