ETV Bharat / technology

বজাৰত কিয় হ্ৰাস পালে টাটাৰ সপোনৰ 1 লাখটকীয়া Tata Nano ৰ চাহিদা ?

Tata Nano: দেহাৱসান ঘটিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ । টাটাৰ সপোনৰ Tata Nano প্ৰকল্প কিয় বিফল হৈছিল ? জানো আহক---

Etv Bharat
বজাৰত কিয় হ্ৰাস পালে টাটাৰ সপোনৰ 1 লাখটকীয়া Tata Nano ৰ চাহিদা ? (Getty Images)
author img

By ETV Bharat Tech Team

Published : Oct 10, 2024, 5:11 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: বিখ্যাত টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ 9 অক্টোবৰৰ নিশা দেহাৱসান ঘটে । পদ্মভূষণ আৰু পদ্ম বিভূষণ সন্মানেৰে সন্মানিত ৰতন টাটাৰ মৃত্যুত সমগ্ৰ দেশ শোকত ম্ৰিয়মাণ হৈ পৰিছে । ৰতন টাটা সেইগৰাকী উদ্যোগী যিয়ে দেশৰ মধ্যবিত্ত পৰিয়ালক গাড়ী যোগান ধৰাৰ সপোন দেখিছিল । Tata Nano আছিল এই সপোনাৰ বাস্তৱ ৰূপ । দেশত ইয়াক ‘লাখটকীয়া গাড়ী’ বুলিও জনা গৈছিল ।

ৰতন টাটাই কেতিয়া ঘোষণা কৰিলে

প্ৰয়াত ৰতন টাটাই চিংগুৰ কাৰখানাত 1 লাখ টকাৰ Tata Nano উৎপাদনৰ সপোন দেখা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল ৷ যিখন গাড়ী দেশৰ আটাইতকৈ সস্তা গাড়ী হিচাপে পৰিণত হৈছিল । টাটা মটৰছৰ দলটোৱে টাটাৰ এই সপোনা বাস্তৱায়িত কৰাৰ বাবে দিনে-নিশাই কাম কৰিছিল আৰু 2008 চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা অটো এক্সপ’ত Tata Nano ক প্ৰথমবাৰৰ বাবে বিশ্বৰ আগত মুকলি কৰিছিল ।

ইয়াৰ পিছত 2009 চনত কোম্পানীটোৱে Tata Nano উৎপাদনৰ কাম আৰম্ভ কৰে । ভাৰতীয় বজাৰত এই গাড়ীখন ‘লাখটকীয়া’ গাড়ী হিচাপে সংবাদ শীৰ্ষৰ শিৰোনাম দখল কৰিছিল । ইয়াৰ দাম নিৰ্ধাৰণ কৰা হৈছিল মাত্ৰ এক লাখ টকা, যাতে ইয়াক মধ্যবিত্ত শ্ৰেণীয়ে ক্ৰয় কৰিব পাৰে । 2008 চনৰ অটো এক্সপ’ত Tata Nano মুকলি কৰাৰ সময়ত ৰতন টাটাই কয় যে “আমি দেশখনক এখন সুলভ মূল্যৰ গাড়ী দিছো আৰু দেশৰ এক বৃহৎ অংশই ইয়াত বহিব পাৰিব ।”

2009 চনৰ মাৰ্চ মাহত যেতিয়া Tata Nano মুকলি কৰা হৈছিল তেতিয়া কোনেও ভবা নাছিল যে এই গাড়ীখন বজাৰত বিফল হ’ব । বৰঞ্চ ভাৰতৰ আগশাৰীৰ অটো কোম্পানীটোৰ বাবে ই চিন্তাৰ কাৰণ হৈ পৰিল । কোম্পানীটোৰ বিক্ৰীৰ বাবে Nano আশীৰ্বাদ হ’ব বুলি বহুতে আশা কৰিছিল ।

মুকলিৰ সময়ত এই মূল্যৰ কথা প্ৰকাশ পোৱাৰ লগতে Tata Nanoৰ আৰম্ভণিৰ মূল্য 1 লাখ টকা নিৰ্ধাৰণ কৰা হয় । এই গাড়ীখন প্ৰথমে উত্তৰাখণ্ডৰ পণ্টনগৰত থকা তেওঁলোকৰ কাৰখানাত নিৰ্মাণ হোৱাৰ কথা আছিল । গাড়ীখনৰ প্ৰাৰম্ভিক বুকিঙে জৰিয়তে সকলোকে আচৰিত কৰি তুলিছিল আৰু 2,00,000 ইউনিট বুকিং হৈছিল । টাটা মটৰ্ছে বুকিঙৰ পৰা 2500 কোটি টকা সংগ্ৰহ কৰে ।

Guinness World Records ত Tata Nano ৰ নাম

জনাওঁ যে Tata Nano ৱে দেশজুৰি আটাইতকৈ দীঘলীয়া যাত্ৰা কৰাৰ বাবে Guinness World Records ত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল । 10 দিনত এই কৃতিত্ব সম্পূৰ্ণ কৰিলে Tata Nano ৱে । এই যাত্ৰা দক্ষিণ তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু Tata Nano ৱে 10,218 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বাংগালুৰুত যাত্ৰাৰ অন্ত পেলাইছিল ।

Tata Nano টাইমলাইন

2007: জানুৱাৰী মাহত চিংগুৰত টাটা মটৰ্ছৰ কাৰখানা নিৰ্মাণ আৰম্ভ হয় । জুন মাহত মমতা বেনাৰ্জীয়ে কৃষকৰ পৰা মাটি লৈ গাড়ী নিৰ্মাতা কোম্পানীটোক গতাই দিয়াৰ অভিযোগ উঠে আৰু আন্দোলন আৰম্ভ হয় । প্ৰতিবাদ আৰু উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে টাটা মটৰ্ছে চিংগুৰ প্ৰকল্পটো পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয় । 2008 চনৰ 3 অক্টোবৰত ৰতন টাটাই ঘোষণা কৰে যে Tata Nano ৰ উৎপাদন গুজৰাটৰ সানন্দলৈ স্থানান্তৰ কৰা হ’ব, য’ত তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পটোক আদৰণি জনাইছিল ।

2008 : প্ৰথম Tata Nano মুকলি

2009: চনত টাটা মটৰ্ছে ভাৰতৰ আটাইতকৈ সৰু গাড়ী হিচাপে Nano মুকলি কৰে

2010: টাটা মটৰছৰ সানন্দ প্লাণ্ট আৰম্ভ হয় ।

2010: নৱেম্বৰ মাহত কোম্পানীটোৱে এখন দুচকীয়া বাহনৰ বিনিময়ত টাটা নেনোৰ বিনিময় আঁচনিৰ কথা ঘোষণা কৰে

2011: মাৰ্চ মাহত বিদেশী বজাৰলৈ Tata Nano ৰ ৰপ্তানি আৰম্ভ হয় । ইয়াক শ্ৰীলংকা আৰু নেপাললৈ ৰপ্তানি কৰা হৈছিল ।

2013: অক্টোবৰত Tata Nano ৰ নতুন সংস্কৰণ মুকলি কৰা হয় । কোম্পানীটোৱে মুকলি কৰিলে Nano CNG eMax ভেৰিয়েন্ট, যাৰ মূল্য আছিল 2.45 লাখ টকা

2014: জানুৱাৰী মাহত Tata Nano ৱে পাৱাৰ ষ্টিয়াৰিঙৰ ভেৰিয়েণ্ট লাভ কৰে । কোম্পানীটোৱে ইলেক্ট্ৰিক পাৱাৰ ষ্টিয়াৰিঙৰ সৈতে নেনো টুইষ্ট মুকলি কৰিছে, যাৰ মূল্য বৰ্তমানৰ টপ এণ্ড মডেলতকৈ 14 হাজাৰ টকা বেছি ।

2015: মে’ মাহত পৰৱৰ্তী প্ৰজন্মৰ Tata Nano মুকলি কৰা হয় । টাটা মটৰ্ছে দ্বিতীয় প্ৰজন্মৰ Tata Nano নেনো জেনএক্স মুকলি কৰে, যাৰ মূল্য 1.99 লাখৰ পৰা 2.89 লাখ টকা পৰ্যন্ত

2017: মাৰ্চ মাহত মাত্ৰ দুবছৰৰ ভিতৰতে Tata Nano ৰ বিক্ৰী হ্ৰাস পাবলৈ আৰম্ভ কৰে আৰু 2017 চনৰ মাৰ্চ মাহত সৰ্বনিম্ন স্তৰত উপনীত হয় যেতিয়া মাত্ৰ 174 টা ইউনিট বিক্ৰী হয় । 2016 চনৰ এপ্ৰিলৰ পৰা 2017 চনৰ মাৰ্চৰ ভিতৰত কোম্পানীটোৱে মাত্ৰ 7591 খন নেনো বিক্ৰী কৰিছিল, যিটো 63 শতাংশ হ্ৰাস ৷

2018: মে’ মাহত টাটাৰ প্ৰাক্তন অধ্যক্ষই Tata Nano ৰ অন্ত পৰা বুলি ঘোষণা কৰে । তাৰ পিছত অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীয়ে Tata Nano ক ব্যৰ্থ প্ৰকল্প বুলি কয় । তেওঁ দাবী কৰে যে Tata Nano ৰ মূল্য ধাৰাবাহিকভাৱে কমি আহিছে, যাৰ মূল্য আছিল 1000 কোটি টকা।

Tata Nano ইঞ্জিন

মুকলি কৰাৰ সময়ত টাটা নেনোক ‘ৰাইজৰ গাড়ী’ বা ‘লাখাটকীয়া গাড়ী’ বুলি জনা গৈছিল । গাড়ীখনৰ আঁৰৰ মূল ধাৰণা আছিল প্ৰতিজন ভাৰতীয়ক এখন গাড়ীৰ অভিজ্ঞতা/নিৰাপত্তা প্ৰদান কৰা । এই গাড়ীখনত আছিল 624 CC পেট্ৰ’ল ইঞ্জিন যিয়ে 33 BHP শক্তি উৎপাদন কৰিছিল । সেই সময়ত দেশৰ ভিতৰতে ই আটাইতকৈ ইন্ধন সঞ্চয়ী গাড়ী আছিল আৰু ইয়াৰ এ আৰ আই মাইলেজ আছিল 23.1 কিলোমিটাৰ । গাড়ীখনৰ ইঞ্জিন পিছফালে স্থাপন কৰা হৈছিল আৰু পিছফালে হুইল ড্ৰাইভ আছিল ।

লগতে পঢ়ক: টাটা গ্ৰুপৰ বিশ্বমুখী যাত্ৰা আৰু ৰতন টাটাৰ অনবদ্য অৱদান

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা

প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত আমেৰিকাৰ বিভিন্নজনৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.