ETV Bharat / technology

উৎসৱৰ বতৰত পছন্দৰ দুচকীয়াখন ক্ৰয় কৰক আৰু লাভ কৰক 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই - Festival Cars Offers

author img

By ETV Bharat Tech Team

Published : Sep 11, 2024, 10:33 AM IST

Tata Motors Festival Cars Offers: উৎসৱৰ বতৰক কেন্দ্ৰ কৰি TATA Motors এ আগবঢ়াইছে বিভিন্ন গাড়ীত আকৰ্ষণীয় অফাৰ ৷ বিভিন্ন গাড়ীত 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই আগবঢ়াইছে কোম্পানীটোৱে ৷ কোনখন গাড়ীত কিমান টকা পৰ্যন্ত ৰেহাই আগবঢ়াইছে জানো আহক---

Tata Motors Launches Festival of Cars with Incredible Prices for its Cars & SUVs
উৎসৱৰ বতৰত পছন্দৰ দুচকীয়াখন ক্ৰয় কৰক আৰু লাভ কৰক 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই (Tata Motors)

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ: দেশত আৰম্ভ হৈছে উৎসৱৰ বতৰ । এই উৎসৱৰ বতৰত বিভিন্ন গাড়ী নিৰ্মাতা কোম্পানীয়ে গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে বিভিন্ন আকৰ্ষণীয় অফাৰ ৷ এই উৎসৱৰ বতৰত টাটা মটৰ্ছে গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে উৎসৱৰ অফাৰ । ঘৰুৱা গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে কাৰ ফেষ্টিভেলৰ শুভাৰম্ভণি উপলক্ষে নিজৰ গাড়ী আৰু SUV ত বিপুল ৰেহাই আগবঢ়াইছে । 31 অক্টোবৰলৈকে টাটা মটৰ্ছ কাৰ ফেষ্টিভেলৰ অফাৰৰ সুবিধা ল’ব পাৰিব গ্ৰাহকে । টাটা মটৰছৰ সস্তীয়া গাড়ী Tiago ৰ এক্স শ্ব’ৰুম মূল্য এতিয়া 5 লাখতকৈও কম । ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকে 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব । গতিকে যদি আপুনি নিজৰ বাবে নতুন গাড়ী কিনাৰ কথা ভাবিছে তেন্তে এই অফাৰৰ সৈতে টাটা গাড়ী এখনৰ কথা নিশ্চিতভাৱে বিবেচনা কৰা উচিত ।

TATA Tiago: এই গাড়ীখনত কোম্পানীটোৱে প্ৰায় 65 ​​হাজাৰ ৰেহাই আগবঢ়াইছে । ইয়াৰ এক্স শ্ব’ৰুম মূল্য এতিয়া 4 লাখ 99 হাজাৰ 900 টকা । টাটাই এই উৎসৱৰ বতৰত এইটোক বৃহৎ অফাৰ বুলি দাবী কৰিছে ।

Tata Nexon: টাটা মটৰছৰ জনপ্ৰিয় চাব-4 মিটাৰ কম্পেক্ট SUV নেক্সনে পেট্ৰ’ল আৰু ডিজেলৰ ভেৰিয়েণ্টৰ মূল্য 80 হাজাৰ টকা কৰ্তন কৰিছে । টাটা নেক্সনৰ নতুন এক্স শ্ব’ৰুমৰ মূল্য এতিয়া 7 লাখ 99 হাজাৰ 990 টকাৰ পৰা আৰম্ভ হৈছে ।

Tata Altroz ​​(Tata Motors): টাটা আলট্ৰ’জ গাড়ীখনত বিগ ডিছকাউণ্ট আগবঢ়াইছে ৷ ‘ফেষ্টিভেল অৱ কাৰ্ছ’ৰ অফাৰ অনুসৰি টাটা মটৰ্ছৰ প্ৰিমিয়াম হেচবেক আলট্ৰ’জৰ মূল্য 45 হাজাৰ টকা হ্ৰাস কৰা হৈছে । নতুন এক্স শ্ব’ৰুমৰ মূল্য এতিয়া 6 লাখ 49 হাজাৰ 900 টকাৰ পৰা আৰম্ভ হৈছে ।

Tata Motors Festival Cars Offers
টাটা আলট্ৰ’জ (Tata Motors)

Tata Safari (Tata Motors): টাটা ছাফাৰীৰ মূল্য হ্ৰাস কৰিছে কোম্পানীটোৱে ৷ এই অফাৰ পিৰিয়ডত টাটা মটৰ্ছৰ আটাইতকৈ শক্তিশালী SUV ছাফাৰীৰ মূল্য 1.80 লাখ টকা হ্ৰাস কৰা হৈছে । নতুন এক্স-শ্ব’ৰূমৰ মূল্য এতিয়া 15.49 লাখ টকাৰ পৰা আৰম্ভ হৈছে ।

Tata Motors Festival Cars Offers
টাটা ছাফাৰী (Tata Motors)

Tata Harrier: উৎসৱমুখৰ অফাৰৰ অংশ হিচাপে টাটা মটৰ্ছৰ শক্তিশালী মিড চাইজ এছ ইউ ভি হেৰিয়াৰৰ মূল্য 1.60 লাখ টকা হ্ৰাস কৰা হৈছে। হেৰিয়াৰৰ নতুন এক্স শ্ব’ৰুম মূল্য এতিয়া 14 লাখ 99 হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে ।

Tata Motors Festival Cars Offers
টাটা টাইগ’ৰ (Tata Motors)

Tata Tigor: টাটা মটৰ্ছৰ এণ্ট্ৰি লেভেল চেডান টাইগ’ৰৰ মূল্য ৩০ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে। এতিয়া নতুন এক্স শ্ব’ৰুমৰ মূল্য আৰম্ভ হৈছে 5 লাখ 99 হাজাৰ 900 টকাৰ পৰা । টাইগাৰৰ পেট্ৰ’ল আৰু CNG ভেৰিয়েণ্টৰ মূল্যও হ্ৰাস কৰা হৈছে ।

লগতে পঢ়ক: Tata Curvv ICE , Maruti Dzire ৰ লগতে অহা মাহত বজাৰত মুকলি হ’ব Mercedes ৰ গাড়ী - Upcoming car launches in September

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

ঘৰতে কেনেকৈ লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স ? - Driving License in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.