ETV Bharat / technology

স্কোডাৰ নতুন SUVৰ নামকৰণ প্ৰতিযোগিতাত জয়ী প্ৰতিযোগীয়ে লাভ কৰিব SUV গাড়ী : কোন সেই সৌভাগ্যবান? - Skoda’s new suv Kylaq

author img

By ETV Bharat Tech Team

Published : Aug 25, 2024, 4:46 PM IST

Updated : Aug 25, 2024, 5:08 PM IST

New SUV Naming Contest of Skoda: 2024 চনৰ ফেব্ৰুৱাৰী মাহত মুকলি হ’বলগীয়া নতুন SUV ৰ নামকৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল Skoda India ই । কোম্পানীয়ে এতিয়া এই প্ৰতিযোগিতাৰ বিজয়ীৰ নাম আৰু নতুন নাম ঘোষণা কৰিছে । SUV ৰ নতুন নাম আৰু বিজয়ী প্ৰতিযোগী কোন জানক আমাৰ এই প্ৰতিবেদনযোগে---

skodas-new-suv-kylaq-gets-sanskrit-rooted-name-to-launch-in-early-2025
জয়ী প্ৰতিযোগী (Skoda India/ETV Bharat)

নিউজ ডেস্ক, 25 আগষ্ট: জাৰ্মান গাড়ী নিৰ্মাতা কোম্পানী স্কোডা অটোয়ে নিজৰ ‘ইণ্ডিয়া 2.0’ প্ৰকল্পৰ অধীনত ভাৰতীয় বজাৰত বহু নতুন গাড়ীৰ মডেল মুকলি কৰিছে । এই ক্ৰমত কোম্পানীটোৱে 2025 চনৰ বাবে নতুন SUV মুকলি কৰিবলৈ ওলাইছে । ইয়াৰ বাবে স্কোডা ইণ্ডিয়াই নিজৰ নতুন SUV ৰ বাবে এক প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, য’ত তেওঁলোকে নিজৰ নতুন SUVৰ বাবে নামৰ বিকল্প বিচাৰিছিল । শেহতীয়াকৈ কোম্পানীটোৱে প্ৰতিযোগিতাৰ মাজৰ পৰা নিজৰ পছন্দৰ নামটো বাছনি কৰিছে আৰু নাম দিয়া লোকজনৰ পৰিচয় আৰু বাহনখনৰ নামটো ঘোষণা কৰিছে ৷

কেৰালাৰ এজন ব্যক্তিয়ে দিয়া নামটো বাছি লৈছে স্কোডা অটোয়ে । তথ্য অনুসৰি কেৰালাৰ এইজন ব্যক্তি কাছাৰগোড জিলাৰ বাসিন্দা । কাছাৰাগোডৰ বাসিন্দা মহম্মদ জিয়াদে স্কোডাৰ নতুন কম্পেক্ট এছ ইউ ভিৰ বাবে ‘Kylaq’ নামটোৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু প্ৰতিযোগিতাত জয়লাভ কৰিছে । পুৰস্কাৰ হিচাপে কোম্পানীয়ে এই গাড়ীখনৰ প্ৰথম ইউনিট জিয়াদক উপহাৰ হিচাপে আগবঢ়াব ।

জিয়াদে জনোৱা মতে, 2024 চনৰ ফেব্ৰুৱাৰী মাহত কোম্পানীটোৱে নিজৰ SUV ৰ নাম নিৰ্ধাৰণৰ বাবে প্ৰতিযোগিতা আৰম্ভ কৰিছিল । তেওঁ সেই মাহতে ‘Kylaq’ নামটোৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিটো সংস্কৃত স্ফটিক শব্দৰ পৰা উদ্ভৱ হৈছে । 2025 চনত মুকলি কৰা হ’ব এই SUV খন । প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক ‘K’ আখৰেৰে আৰম্ভ হোৱা আৰু ‘Q’ আখৰেৰে শেষ হোৱা নামৰ প্ৰস্তাৱ আগবঢ়াবলৈ বান্ধি দিয়া হৈছিল ।

লাখৰো অধিক নামৰ প্ৰস্তাৱ

স্কোডাই নামকৰণ প্ৰতিযোগিতাৰ বাবে এটা নিৰ্দিষ্ট ৱেবছাইট ‘নেম ইউৰ স্কোডা’ তৈয়াৰ কৰিছিল । তথ্য অনুসৰি অৱশেষত নিৰ্বাচিত হোৱা পাঁচটা নামৰ ভিতৰত ‘Kylaq’ অন্যতম । জিয়াদৰ প্ৰস্তাৱ 2,00,000 ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল । SUV ৰ প্ৰথম ইউনিটটো দিয়াৰ উপৰিও স্কোডাই 10 জন অংশগ্ৰহণকাৰীক প্ৰাগত থকা নিজৰ প্লাণ্টটো চাবলৈ সুযোগ প্ৰদান কৰিছে ।

কৈলাশ পৰ্বতৰ দ্বাৰা অনুপ্ৰাণিত নাম

স্কোডা ইণ্ডিয়াই কয় যে ‘Kylaq’ নামটো কৈলাশ পৰ্বতৰ পৰা অনুপ্ৰাণিত । বৰ্তমান ভাৰতৰ সকলো স্কোডা এছ ইউ ভিৰ নাম ‘K’ৰে আৰম্ভ হৈ ‘Q’ৰে শেষ হয় । যদিও এই SUV খন দেশীয় বজাৰক লক্ষ্য কৰি ভাৰতত নিৰ্মাণ কৰা হ’ব, তথাপিও ইয়াক কোম্পানীটোৱে নিজৰ গাড়ী ৰপ্তানি কৰা নিৰ্বাচিত দেশলৈও ৰপ্তানি কৰিব ।

Skoda Kylaqৰ বৈশিষ্ট্য়

তথ্য অনুসৰি এই SUV খন Kushaq আৰু Slavia ৰ ভিত্তি MQB-A0-IN প্লেটফৰ্মত নিৰ্মাণ কৰা হ’ব । নতুন Skoda Kylaqৰ বৈশিষ্ট্য়ৰ বিষয়ে বিশেষ তথ্য লাভ কৰা হোৱা নাই যদিও কোম্পানীয়ে নিজৰ 1.0 লিটাৰ, টি এছ আই টাৰ্বো-পেট্ৰল ইঞ্জিন আগবঢ়াব বুলি আশা কৰা হৈছে ৷ যিটো ছয় স্পীড মেনুৱেল আৰু টৰ্ক কনভাৰ্টাৰ অটোমেটিক গিয়াৰবক্সৰ সৈতে সংযুক্ত হ’ব আৰু এই ইঞ্জিনে 114bhp শক্তি আৰু 178Nm টৰ্ক দিয়ে ।

Skoda Kylaqৰ ডিজাইন

কিছুদিন পূৰ্বে স্কোডা ইণ্ডিয়াই নতুন Skoda Kylaqৰ এটা টিজাৰ মুকলি কৰিছিল, য’ত ইয়াৰ ডিজাইনৰ কিছুমান উপাদান উন্মোচিত হৈছে । তথ্য অনুসৰি এই গাড়ীখনত আন বহুতো বৈশিষ্ট্য যেনে স্প্লিট হেডলেম্প ছেটআপ, এল ই ডি ডি আৰ এল, নতুন গ্ৰীল, স্কোডা ল’গ’ থকা স্কাল্পটেড বনেট, ইনভাৰ্টেড এল আকৃতিৰ এল ই ডি টেইললাইট, নতুন এলই হুইল আৰু ছাদ-ৰেল আদিৰ ব্যৱস্থা কৰা হ’ব । বৰ্তমান ইয়াৰ ভিতৰৰ অংশ আৰু বৈশিষ্ট্যৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই কোম্পানীয়ে ।

লগতে পঢ়ক: গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভ : আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা - Telegram Chief arrested in Airport

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

সৰ্বাধিক মাইলেজ প্ৰদান কৰা 5 খন মটৰ চাইকেল - Best Mileage Bikes

Last Updated : Aug 25, 2024, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.