ETV Bharat / technology

এয়াৰটেলৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব ল’ব শাশ্বত শৰ্মাই - CEO OF AIRTEL

এয়াৰটেলৰ পৰিচালন সঞ্চালক, শীৰ্ষ কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব ল’ব শাশ্বত শৰ্মাই; ভিট্টালক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷

shashwat-sharma-to-take-over-as-md-ceo-of-airtel-vittal-named-vice-chair
এয়াৰটেলৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব ল’ব শাশ্বত শৰ্মাই (Moneycontrol)
author img

By ETV Bharat Tech Team

Published : Oct 29, 2024, 12:12 PM IST

হায়দৰাবাদ: সোমবাৰে ভাৰতী এয়াৰটেলে নতুন মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)কে ধৰি শীৰ্ষ পৰ্যায়ৰ পুনৰ গঠনৰ কথা ঘোষণা কৰে । মুখ্য পৰিচালন বিষয়া (চি অ’ অ’) শাশ্বত শৰ্মাই পৰৱৰ্তী পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে বৰ্তমানৰ গোপাল ভিট্টলক 2026 চনৰ ১ জানুৱাৰীৰ পৰা উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

বিগত 12 বছৰ ধৰি নেতৃত্বত আছে ভিট্টাল

“এটা গাঁথনিগত উত্তৰাধিকাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে গোপালক পৰিচালন সঞ্চালক হোৱাৰ উপৰিও ভাৰতী এয়াৰটেল লিমিটেডৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । কৌশলগত নিৰ্দেশনা প্ৰদান কৰিবলৈ ভাৰতীৰ মনোনীত সঞ্চালক হিচাপে এয়াৰটেল আফ্ৰিকা পিএলচিৰ ব’ৰ্ডত নিযুক্তি দিয়া হ’ব গোপালক ৷ ” সোমবাৰে ব’ৰ্ডৰ বৈঠকৰ পিছত এয়াৰটেলে এই বিষয়ে জনায় ।

অহা 14 মাহৰ বাবে শৰ্মা কোম্পানীটোৰ চিইঅ’ ডেজিনেটেড হ’ব বুলি দেশৰ দ্বিতীয় বৃহত্তম টেলিকম অপাৰেটৰে প্ৰকাশ কৰিছে । “চিইঅ’য়ে নিযুক্তি দিয়াৰ দৰে শাশ্বতে সমগ্ৰ এণ্ড টু এণ্ড কনজিউমাৰ ব্যৱসায়ৰ বাবে দায়ৱদ্ধ হ’ব । গোপাল ভিট্টেলে শাশ্বতক দায়িত্ব ল’বলৈ মেণ্টৰিং আৰু গ্ৰুমিং কৰাৰ দায়িত্ব ল’ব ।" এয়াৰটেলে জনায় ।

এয়াৰটেলৰ সুচিন্তিত গাঁথনিগত উত্তৰাধিকাৰ পৰিকল্পনাৰ বিশিষ্ট অভিলেখ আছে বুলি জোৰ দি অধ্যক্ষ সুনীল ভাৰতী মিট্টলে এই পদক্ষেপৰ প্ৰশংসা কৰে ।

ভিট্টালৰ নেতৃত্বত এয়াৰটেলে ইয়াৰ ৰাজহৰ বজাৰ অংশীদাৰিত্ব 40 শতাংশলৈ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ 30 শতাংশ আছিল আৰু বজাৰ মূলধন পাঁচগুণ বৃদ্ধি পাই 100 বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে বুলি কোম্পানীটোৱে জনায় ।

এয়াৰটেলৰ পূৰ্বে ভিট্টালে দুটা দশক ধৰি হিন্দুস্তান ইউনিলিভাৰৰ বাবে শিতান আৰু দেশৰ বিভিন্ন প্ৰান্তত কাম কৰিছিল ।

এয়াৰটেলৰ সূত্ৰই জনোৱা মতে, কোম্পানীটোৱে জ্যেষ্ঠ নেতৃত্বৰ ক্ষেত্ৰত আন বহু পৰিৱৰ্তন আনিব । বিপণন আৰু গ্ৰাহকৰ অভিজ্ঞতা বিভাগৰ পৰিচালক অমিত ত্ৰিপাঠীক বজাৰ পৰিচালনা, সকলো চক্ৰৰ নেতৃত্ব দিয়া আৰু বিতৰণ কৌশলৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হ’ব ।

DTH ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ শৰ্মাক কানেক্টেড হোমছৰ সঞ্চালক, বিপণন আৰু চিইঅ’ হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে আপাৰ নৰ্থৰ চিইঅ’ পুছপিন্দৰ গুজৰালক ডিটিএইচৰ চিইঅ’ আৰু সঞ্চালক হিচাপে নিযুক্তি দিয়া হ’ব বুলি এয়াৰটেলে জনায় ।

লগতে পঢ়ক: পশ্চিম বংগ আৰু উত্তৰ-পূবত এয়াৰটেল পেমেণ্টছ বেংকৰ প্ৰায় 80,000 বেংক সেৱা কেন্দ্ৰ স্থাপন

ভুৱা কল-এছএমএছৰ সংখ্যা হ্ৰাসৰ বাবে ব্যৱহৃত হ’ব কৃত্ৰিম বুদ্ধিমত্তা - Al powered network solution

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.