ETV Bharat / technology

অনলাইন শ্বপিং কৰাৰ পূৰ্বে সাৱধান হওক ! - Safe online shopping

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Online Shopping Tips: বজাৰৰ মূল্যতকৈ কম দামত বস্তু এটা দেখা পোৱাৰ লগে লগে কিছু লোকে কোনো কথা নভবাকৈয়ে লগে লগে বস্তুটো ক্ৰয় কৰে । কিন্তু এনে সিদ্ধান্তই কেতিয়াবা ভয়ংকৰ বিপদত পেলাব পাৰে । গতিকে ইয়াত কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হ’ল যিবোৰ আপুনি অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰখাটো উচিত---

Etv Bharat
অনলাইন শ্বপিং কৰাৰ পূৰ্বে সাৱধান হওক ! (ETV Bharat)

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ: খৰখেদাকৈ লোৱা সিদ্ধান্ত সকলো দিশতে ক্ষতিকাৰক । অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য । আমাৰ অলপমান অসাৱধানতাই আমাৰ সাঁচতীয়া ধন নিমিষতে হৰলুকী কৰিব পাৰে । কাৰণ বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে প্ৰৱঞ্চনাৰ আশংকা থাকে । এনে পৰিস্থিতিত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে কিছু পৰামৰ্শ আগবঢ়াইছে Bankbazaar.com য়ে।

অফাৰৰ ক্ষেত্ৰত সাৱধান হওক: বিভিন্ন শ্বপিং প্লেটফৰ্মে উৎসৱ আৰু অন্যান্য বৃহৎ অনুষ্ঠানৰ সময়ত অফাৰ দিয়ে । ইয়াৰ দ্বাৰা আপোনাক ইমেইল আৰু মোবাইল বাৰ্তা প্ৰেৰণ কৰা হয় । উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে এটা বৃহৎ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বিশেষ ৰেহাইৰ ই-মেইল লাভ কৰে । বাৰ্তাটোত উল্লেখ কৰা থাকিব যে এই অফাৰ মাত্ৰ 2 ঘণ্টাৰ বাবেহে উপলব্ধ আৰু ‘সামগ্ৰীও সীমিত’ । এইটো এটা ভাল সুযোগ বুলি উপলব্ধি কৰি গ্ৰাহকজনে লগে লগে বস্তুটো কিনিবলৈ বিচাৰে । ই-মেইলটোত উল্লেখ কৰা লিংকটো খোলাৰ পাচত গ্ৰাহকজনৰ ক্ৰেডিট কাৰ্ডৰ সবিশেষ বিচাৰে আৰু যেতিয়া গ্ৰাহকজনৰ ক্ৰেডিট কাৰ্ডৰ পৰা সমস্ত ধন উলিয়াই লৈ যায় তেতিয়া ব্যক্তিজনে অনুভৱ কৰে যে তেওঁ প্ৰৱঞ্চনাৰ বলি হ’ল ।

এনেক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক

  • সীমিত সময়ৰ অফাৰ সম্বন্ধীয় ইমেইল আৰু বাৰ্তাৰ পৰা বিশেষভাৱে সাৱধান হওক ।
  • কোনো কাৰণতে ইমেইলত লিংক খুলিব নালাগে । ইয়াৰ পৰিৱৰ্তে নিজ নিজ সংস্থাৰ অফিচিয়েল ৱেবছাইটলৈ যাওক ।
  • বিশেষকৈ সীমিত সময়ৰ অফাৰ সম্বন্ধীয় বাৰ্তাসমূহ আওকাণ কৰক ।
  • প্ৰৱঞ্চনাৰ উদ্দেশ্যে ব্যৱহৃত ই-মেইলত কোম্পানীৰ নাম ব্যৱহাৰ কৰা হয় । এইবোৰ সযতনে চিনাক্ত কৰিব লাগে ।
  • এনে পৰিস্থিতিত ধন পৰিশোধৰ বাবে দুটা কাৰক প্ৰমাণীকৰণ (two-factor authentication) সূত্ৰ ব্যৱহাৰ কৰিব লাগে । ইয়াৰ দ্বাৰা অতিৰিক্ত সুৰক্ষা প্ৰদান কৰা হয় ।
  • অফাৰটো দুবাৰ পৰীক্ষা কৰাৰ পিছতহে বস্তুটো কিনাৰ সিদ্ধান্ত ল’ব লাগে । যদি আপুনি প্ৰৱঞ্চনাৰ বলি হৈছে বুলি অনুভৱ কৰিছে তেন্তে তৎক্ষণাত বেংক আৰু চাইবাৰ ক্ৰাইম বিভাগত অভিযোগ দাখিল কৰক ।

লগতে পঢ়ক: আপুনিও ফ্লিপকাৰ্টৰ গ্ৰাহক নেকি; সামগ্ৰী ক্ৰয়ৰ পূৰ্বে সাৱধান ! - Flipkart Scam

Amazon Great Indian Festival ত OnePlus, Samsung ত লাভ কৰক আকৰ্ষণীয় অফাৰ - Amazon Great Indian Festival sale

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.