ETV Bharat / technology

3300 কোটি টকা বিনিয়োগেৰে গুজৰাটত নিৰ্মাণ হ’ব ছেমি কণ্ডাক্টৰ ইউনিট - New semiconductor unit

author img

By ETV Bharat Tech Team

Published : Sep 3, 2024, 9:47 AM IST

Semiconductor unit in Gujrat: ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত 3300 কোটি টকাৰ বিনিয়োগেৰে গুজৰাটৰ ছানন্দত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷ এই প্ৰস্তাৱিত ইউনিটটোৱে প্ৰতিদিনে প্ৰায় 60 লাখ চিপ উৎপাদন কৰিব । এই ইউনিটত উৎপাদিত চিপসমূহে বিভিন্ন ধৰণৰ প্ৰয়োগৰ বাবে সহায় কৰিব যিবোৰৰ ভিতৰত ঔদ্যোগিক, অটোমোটিভ, বৈদ্যুতিক বাহন, গ্ৰাহক ইলেক্ট্ৰনিকছ, টেলিকম আৰু মোবাইল ফোন আদি অন্তৰ্ভুক্ত কৰা হ’ব ।

PM Modi-led Cabinet approves Rs 3,300 crore  0
3300 কোটি টকা বিনিয়োগেৰে গুজৰাটত নিৰ্মাণ হ’ব ছেমি কণ্ডাক্টৰ ইউনিট (IANS)

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: 3300 কোটি টকাৰ বিনিয়োগেৰে গুজৰাটৰ ছানন্দত ছেমি কণ্ডাক্টৰ প্ৰকল্প ইউনিট স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱৰ প্ৰতি অনুমোদন জনায় । এই ইউনিটটো প্ৰতিদিনে 60 লাখ চিপ উৎপাদন কৰিব পৰা ক্ষমতাসম্পন্ন ।

60 লাখ চিপ উৎপাদন হ’ব

ভাৰত ছেমি কণ্ডাক্টৰ অভিযানৰ অধীনত প্ৰস্তাৱিত ইউনিটটোৱে প্ৰতিদিনে প্ৰায় ৬০ লাখ চিপ উৎপাদন কৰিব । এই ইউনিটত নিৰ্মিত চিপসমূহে ঔদ্যোগিক, অটোমোটিভ, বৈদ্যুতিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকমিউনিকেচন আৰু মোবাইল ফোন আদি ছেগমেণ্টকে ধৰি বিভিন্ন প্ৰয়োগৰ বাবে সহায় কৰিব । প্ৰধানমন্ত্ৰী মোদীৰ মতে, প্ৰতিটো সঁজুলিৰ বাবে ‘মেড ইন ইণ্ডিয়া’ চিপ নিৰ্মাণৰ সপোন পূৰণ কৰাৰ সম্ভাৱনা দেশত আছে ।মোদীয়ে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে দেশলৈ প্ৰথমটো থলুৱা চিপ আহিব ।

তিনিটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভেঁটি স্থাপন

টাটা ইলেক্ট্ৰনিকছে গুজৰাটৰ ধোলেৰাত ছেমি কণ্ডাক্টৰ ফেব আৰু অসমৰ মৰিগাঁৱত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে । CG পাৱাৰে সানন্দত এটা অৰ্ধপৰিবাহী ইউনিট স্থাপন কৰিছে । এই ইউনিটসমূহে লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব । ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়ৰ তথ্য অনুসৰি চাৰিওটা অৰ্ধপৰিবাহী ইউনিটৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে । এই চাৰিটা ইউনিটত প্ৰায় 1.5 লাখ কোটি টকাৰ বিনিয়োগ জড়িত থাকিব । এই ইউনিটসমূহৰ মুঠ ক্ষমতা প্ৰতিদিনে প্ৰায় 7 কোটি চিপ বুলি মন্ত্ৰণালয়ে দাবী কৰে ।

ভাৰত ছেমি কণ্ডাক্টৰ কেন্দ্ৰত পৰিণত হ’ব

ভাৰতত ছেমি কণ্ডাক্টৰ আৰু ডিছপ্লে নিৰ্মাণ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে 2021 চনত মুঠ 76000 কোটি টকা ব্যয়ৰে এক কাৰ্যসূচী অধিসূচনা কৰা হৈছিল । প্ৰতিবেদন অনুসৰি 2026 চনত ভাৰতৰ ছেমি কণ্ডাক্টৰ সম্পৰ্কীয় বজাৰ 64 বিলিয়ন ডলাৰ হ’ব । কেন্দ্ৰীয় ৰে’ল আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ কয় যে আগন্তুক পাঁচ বছৰত দেশখন বিশ্বৰ অন্যতম বৃহৎ অৰ্ধপৰিবাহী কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব ।

লগতে পঢ়ক: জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৫১৭.২৭ বিঘা ভূমি আৱন্টন প্ৰক্ৰিয়া সম্পন্ন - Tata Semiconductor Project

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.