ETV Bharat / technology

ফোন অত্যধিক গৰম হয় নেকি? লেহেমীয়া গতিত চাৰ্জিং লয় ? কিয় আৰু কেনেকৈ ঠাণ্ডা কৰিব... - Phone Overheating Problems - PHONE OVERHEATING PROBLEMS

Phone Overheating Problems : দেশৰ বিভিন্ন ঠাইত তাপমাত্ৰাই সৰ্বকালৰ উচ্চতাত উপনীত হৈছে । তাৰ লগতে মানুহে সচৰাচৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকৰ স্মাৰ্টফোন অত্যধিক গৰম হোৱা । এই প্ৰতিবেদনত আপোনাৰ মোবাইল ডিভাইচটো কিয় অত্যধিক গৰম হয় সেই বিষয়ে বৰ্ণনা কৰা হৈছে । লগতে এই প্ৰচণ্ড গৰমত আপোনাৰ ফোনটো কেনেদৰে ঠাণ্ডা কৰি ৰাখিব তাৰো পৰামৰ্শ দিয়া হৈছে ।

Phone Overheating Problems
ফোন অত্যধিক গৰম হোৱাৰ কাৰণ আৰু সমাধান (Getty Images)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 12:52 PM IST

Updated : May 3, 2024, 1:01 PM IST

বিশেষ প্ৰতিবেদন, 3 মে’ : বৰ্তমান দেশৰ কেবা ঠাইতো গুৰুতৰ গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছে । ইয়াৰ ফলত আপোনাৰ প্ৰযুক্তি সঁজুলিবোৰ গৰম হোৱাৰ দুৱাৰ মুকলি কৰে । যাৰ ফলত ডিভাইচবোৰৰ সামগ্ৰিক কাৰ্যকৰিতাও লেহেমীয়া হয় । বিশেষকৈ আপোনাৰ স্মাৰ্টফোনটো, যাৰ এক সুৰক্ষিত আভ্যন্তৰীণ তাপমাত্ৰা আছে । এই তাপমাত্ৰা ৰক্ষণাবেক্ষণ কৰা প্ৰয়োজন । অন্যথা ইয়াৰ আয়ুসকাল চুটি হ'ব বা আনকি বিস্ফোৰণো হ'ব পাৰে ।

ফোন গৰম হোৱাৰ কাৰণ

আইঅ'এছ বা এণ্ড্ৰইড হিয়েই নহওক কিয়, এনে বহু কাৰক আছে, যিয়ে আপোনাৰ ফোনটোক অত্যধিক গৰম কৰিব পাৰে । তাৰে ভিতৰত কিছুমান ইয়াত উল্লেখ কৰা হৈছে :

  • আপোনাৰ ফোনৰ আভ্যন্তৰীণ তাপমাত্ৰা বৃদ্ধি হোৱাৰ এটা মুখ্য কাৰণ হ'ল যেতিয়া ই পোনপটীয়া সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে বা অত্যাধিক উষ্ণ পৰিৱেশত থাকে ।
  • অত্যধিক ফোন ব্যৱহাৰৰ দ্বাৰা আপোনাৰ ফোনৰ বেটাৰীও প্ৰভাৱিত হ'ব পাৰে । উদাহৰণ স্বৰূপে - যদি আপুনি নিৰন্তৰ আপোনাৰ ফোনত ব্যস্ত থাকে তেন্তে আপোনাৰ ফোনৰ বেটাৰীয়েও অতিৰিক্ত সময় কাম কৰিব লাগিব আৰু ফলস্বৰূপে আপোনাৰ ফোনটো অত্যধিক গৰম হ'ব পাৰে ।
  • বেকগ্ৰাউণ্ডত কাম কৰি থকা অত্যধিক এপৰ ফলত আপোনাৰ ফোনটো অত্যধিক গৰম হ'ব পাৰে । আপোনাৰ ডিভাইচৰ পৰা কেচ্ছ পৰিষ্কাৰ কৰি থাকিবলৈ সদায় মনত ৰাখিব ।
  • অত্যধিক গৰম হোৱাৰ আন এটা কাৰণ হ'ল নিয়মীয়া ব্যৱধানত বাৰে বাৰে চাৰ্জ দিয়া বা অত্যধিক চাৰ্জ দিয়া ।

আপোনাৰ ফোনটো ঠাণ্ডা কৰি ৰখাৰ 5 টা সহজ উপায়

1. আপোনাৰ ফোনটো ছুইচ অফ বা ৰিষ্টাৰ্ট কৰক

যদি আপোনাৰ স্মাৰ্টফোনটো গৰম হোৱাৰ পাচত হেং হ'বলৈ বা লাহে লাহে কাম কৰা আৰম্ভ কৰে, আপুনি কিছু সময়ৰ বাবে আপোনাৰ ডিভাইচটো অফ কৰিব পাৰে বা ইয়াক ৰিষ্টাৰ্ট কৰিব পাৰে । যদি গৰম হোৱা ডিভাইচ এটা বন্ধ নকৰাকৈ কাৰ্যকৰী কৰা হয়, তেতিয়া তাৰ বডীৰ তাপ বৃদ্ধি হয় । যাৰ ফলত ই বিকলৰ দিশে আগবাঢ়িব পাৰে ।

2. স্ক্ৰীণৰ উজ্জ্বলতা কম কৰক

স্ক্ৰীণৰ উজ্জ্বলতা বৃদ্ধি কৰিলে আপোনাৰ বেটাৰীৰ পৰিশ্ৰম কঠোৰ কৰিব আৰু অধিক তাপ সৃষ্টি কৰিব । সেয়ে স্ক্ৰীণৰ উজ্জ্বলতা হ্ৰাস কৰক, কমেও আপোনাৰ ফোনটো ঠাণ্ডা নোহোৱালৈকে ।

3. আপোনাৰ ম'বাইল কেছ/ক'ভাৰ খুলি দিয়ক

ফোনবোৰ তাপ বিলুপ্ত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । কিন্তু সুৰক্ষাৰ বাবে আপুনি লগোৱা কেচ বা ক'ভাৰবোৰে সেই তাপ ধৰি ৰাখিব পাৰে । আপোনাৰ ফোনটো অধিক দ্ৰুততাৰে ঠাণ্ডা কৰাত সহায় কৰিবলৈ আপোনাৰ ফোনকেছটো খুলি দিয়ক ।

4. ইণ্টাৰনেট আৰু ব্লুটুথ অফ কৰক

যদি আপোনাৰ ইণ্টাৰনেট সংযোগ, হটস্পট বা ব্লুটুথ অন আছে, তেন্তে আপোনাৰ ফোনত অধিক তাপ পাব । এনে নহয় যে আপুনি এই সুবিধাবোৰ একেবাৰে ব্যৱহাৰ নকৰিব । কিন্তু ব্যৱহাৰ নহ'লে বা ফোনটো গৰম হ'লে ইয়াক অফ কৰক ।

5. কেৱল 'প্ৰকৃত' চাৰ্জাৰ ব্যৱহাৰ কৰক

সুৰক্ষিত হৈ থাকিবলৈ আপুনি আপোনাৰ ডিভাইচ চাৰ্জ কৰিবলৈ কেৱল নিৰ্মাতা-অনুমোদিত চাৰ্জাৰ ব্যৱহাৰ কৰিব লাগে । লগতে নিশ্চিত কৰিব যাতে চাৰ্জাৰ বা আপোনাৰ স্মাৰ্টফোনৰ চাৰ্জিং পোৰ্টৰ কোনো ক্ষতি নহয় । কিয়নো এইবোৰো এনে এক সমস্যা, যাৰ ফলত ফোন অত্যধিক গৰম হ'ব পাৰে ।

লগতে পঢ়ক :Poco X6 5Gৰ নতুন ভেৰিয়েণ্ট মুকলি - Poco X6 5G Colour Variant Launched

Last Updated : May 3, 2024, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.